নাকিলিন জি. শ্যেল্লাক মেঘালয় উচ্চ ন্যায়ালয়ৰ চেক্ৰেটৰী জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে। ৪২ বছৰীয়া অধিবক্তা গৰাকীয়ে ” দ্য হিন্দু” কাকতৰ সতে হোৱা এটা সাক্ষাৎকাৰত কয় যে তেওঁ সৰুৰে পৰাই কাম কৰাৰ বাহিৰে আন একো চিন্তা কৰা নাছিল।
“মই সদায় জানিছিলো যে মই কাম কৰিব পাৰিম। তাৰ বাহিৰে আন কোনো চিন্তা কেতিয়াও কৰা নাছিলো,” ।
উল্লেখযোগ্য যে দেশৰ ভিতৰত মেঘালয়তে সৰ্বাধিক মহিলা অধিবক্তা আছে। চৰকাৰী প্ৰতিবেদন অনুসৰি পুৰুষৰ তুলনাত মহিলা অধিবক্তাৰ সংখ্যা ৬০% বেছি।তাৰোপৰি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত মেঘাললয়ৰ মহিলাকৰ্মীৰ সংখ্যা অধিক।
“আমাৰ চিন্তা বা চলাফুৰা কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই,” শ্যেল্লাই কয়। “যেতিয়া আমি বাতৰিত ছোৱালী আৰু মহিলাৰ সৈতে সম্পৰ্কিত বিষয়বোৰ [আন ৰাজ্যত] পঢ়িবলৈ পাওঁ তেতিয়াহে আমি অনুভৱ কৰোঁ যে আমি এই সমাজত থাকি কিমান ধন্য।”
মেঘালয়ৰ মহিলাসকলে তেওঁলোকক সোনকালে বিয়া দিয়া, বিয়াৰ পিছত কোনোবাই তেওঁলোকক কাম কৰাত বাধা দিয়া আদি কথাবোৰ মানি নলয়; তেওঁলোকৰ প্ৰথম সন্তান এজনী ছোৱালী হ’লে তেওঁলোকৰ পৰিয়াল অসন্তুষ্ট হ’ব জাতীয় কথাবোৰ তেওঁলোকৰ সমাজত নচলে। বৰঞ্চ তেওঁলোকে ছোৱালী সন্তান হ’লে উদ্যাপনহে কৰে।”
অধিবক্তা শ্যেলা সকলো নাৰীৰ বাবে এক আদৰ্শ হওক।