মেজেঙা বা মেজেঙা পাত এবিধ সুগন্ধি মছলা জাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অংগাৰ নামেৰে জনা যায়। মেজেঙাৰ পাত শাক হিচাপে খোৱা হয়। মেজেঙাৰ পাত দীঘলীয়া আকৃতিৰ। বাৰিষা কালত মেজেঙা গছত পাত ওলায় আৰু খৰালি হোৱাৰ লগে লগে এই পাতবোৰ সৰিবলৈ ধৰে। মেজেঙা পাত আৰু ঠাৰিত কাইট থাকে। ইয়াৰ কোমল পাতবোৰ ৰান্ধিলে ঘিউৰ দৰে মিঠা সুগন্ধি ওলায়। মেজেঙা গছৰ গুটিত যথেষ্ট পৰিমাণে খাদ্য প্ৰাণ ক’ পোৱা যায়। এই উদ্ভিদ বিধ বনৰীয়া হিচাপে পোৱা যায় যদিও কিছুমান ঠাইত ইয়াৰ খেতিও কৰা হয়। মেজেঙা ঘাইকৈ গুল্মজাতীয় উদ্ভিদ কিন্তু কেতিয়াবা লতাৰ দৰে বগাই যোৱাও দেখিবলৈ পোৱা যায়। মেজেঙাৰ পাত আৰু ফল ৰন্ধন কাৰ্যত সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বাকলি, ফল,বীজ আৰু পাতবোৰ ঔষধি গুণেৰেও ভৰপূৰ। মেজেঙা খালে কি হয় বা মেজেঙাৰ পৰা আমি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। পেটৰ বিষ হ’লে মেজেঙাৰ পাতৰ আঞ্জা ৰান্ধি খালে বিষ উপশম হয়।
২)। মেজেঙাৰ গুটিৰ ৰসে কুকুৰীকণা ৰোগ নিৰাময় কৰে।
৩) শৰীৰত ঘা হ’লে মেজেঙাৰ পাতৰ ৰস লগালে ঘা সোনকালে নিৰাময় হয়।
৪)। মেজেঙাৰ কোমল পাতৰ ৰসে মূৰৰ বিষ উপশম ঘটাব পাৰে।
৫) স্মৃতি শক্তি বৃদ্ধিৰ বাবে মেজেঙাৰ পাতৰ ৰস উপকাৰী।
৬)। মেজেঙাৰ পাতৰ ৰস পক্ষাঘাত ৰোগীৰ বাবেও উপকাৰী।
৭)। অভোক বা অজীণ হ’লে মেজেঙা শাক সিজাই খালে ভোক লাগে।
৮)। দাতৰ বিষ হ’লে মেজেঙাৰ পাত, ফল , বাকলি উতলাই কুহুমীয়া কৰি কুলকুলি কৰিলে উপকাৰ পোৱা যায়।
৯)। জ্বৰৰ বাবে মেজেঙাৰ পাত, ফল উপকাৰী।
এই শাকবিধ বহুতে বিভিন্ন ধৰণেৰে ৰান্ধি খায়। পেটৰ উপকাৰৰ লগতে আন বহুতো উপকাৰী গুণেৰে সমৃদ্ধ মেজেঙা শাক আমি ৰুচি অনুযায়ী খালে নিশ্চয় উপকৃত হ’ব পাৰিম।