সোমবাৰে অধিসূচনা জাৰি কৰা তিনিখন নতুন ফৌজদাৰী আইন — ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালেও বলবৎ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ পুৰণি আইনসমূহৰ পৰা নতুন আইনৰ ব্যৱস্থাৱলীৰ সৈতে সংশ্লিষ্ট পক্ষসমূহক চিনাকি কৰাই দিয়াৰ লগতে আন্তঃগাথনি উন্নয়নৰ বাবে নতুন আইনকেইখন বলবৎ কৰাৰ বাবে ৩ৰ পৰা ৪ মাহ সময়ৰ প্ৰয়োজন হ’ব ৷
ফৌজদাৰী ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি, চফ্টৱেৰ, মানৱ সম্পদৰ প্ৰশিক্ষণ আৰু আদালতৰ সম্পূৰ্ণ কম্পিউটাৰাইজেচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছতহে এই নতুন আইন বলবৎ কৰিব পৰা যাব ৷ যাৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকে ধৰি দেশৰ সকলো প্ৰান্তত এই আইন সমূহ সম্পূর্ণৰূপে বলবৎ কৰিবলৈ কেন্দ্ৰই নির্ধাৰণ কৰা সময়তকৈ অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি আশংকা কৰা হৈছে ৷
বলবৎকৰণৰ তাৰিখ অৱগত কৰা আৰু প্ৰকৃত বলবৎকৰণৰ মাজৰ সম্ভাৱ্য ব্যৱধানৰ কাৰণ ব্যাখ্যা কৰি এজন জ্যেষ্ঠ বিষয়াই কয় যে এই সময়ছোৱাত নতুন আইনসমূহৰ বিষয়ে থকা কিতাপ প্ৰকাশৰ বাবে সময় লাভ কৰিব আৰু আইন প্ৰয়োগকাৰী সংস্থা, উকীল, অভিযুক্ত আৰু ন্যায়পালিকাৰ সকলো স্তৰৰ, বিশেষকৈ নিম্ন ন্যায়পালিকালৈকে প্ৰদান কৰাৰ সুবিধা পাব ৷ । যিহেতু নতুন সংহিতাসমূহত পূর্বৰ ধাৰাসমূহৰ ব্যাপক পৰিৱর্তন ঘটিছে ৷
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে শীতকালীন অধিৱেশনত প্ৰায় বিৰোধিতা নোহোৱাকৈ সংসদৰ দুয়োখন সদনত নতুন দণ্ডবিধিৰ সৈতে জড়িত তিনিখন বিধেয়ক গৃহীত কৰে ৷ এদিন পূর্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিধেয়কখনত স্বাক্ষৰ কৰে।
ৰাষ্ট্ৰপতিৰ সন্মতি সাপেক্ষে ১৮৬০ চনৰ ‘ভাৰতীয় দণ্ডবিধি’ (ভাৰতীয় দণ্ডবিধি)ৰ ঠাইত ‘ভাৰতীয় ন্যায় সংহিতা’ স্থাপন কৰা হয়। ১৮৯৮ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত ভাৰতীয় সাক্ষ্য আইন প্ৰণয়ন কৰা হ’ব।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১১ আগষ্টত সংসদৰ অধিৱেশনৰ অন্তিম দিনা লোকসভাত তিনিখন বিধেয়ক উত্থাপন কৰিছিল। ইয়াৰ পিছতে বিধেয়কখন তিনিখন সংসদীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও শ্বাহে আইনৰ পৰিৱৰ্তন সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰে।