দিল্লীত মুখ্যমন্ত্ৰী নে লেফটেনেণ্ট গৱৰ্ণৰ (লেফটেনেণ্ট গৱৰ্ণৰ) ক্ষমতাৰ কেন্দ্ৰ হ’ব লাগে সেই লৈ বিতৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে সকলো প্ৰশাসনিক ক্ষমতা নিৰ্বাচিত চৰকাৰৰ হাতত থাকিব। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই দিল্লীৰ আপ চৰকাৰক সকাহ প্ৰদান কৰে ৷ বিগত কেইবছৰমানৰ পৰা কেইবাটাও বিষয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-ৰাজ্যপালৰ মাজত সংঘাতৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেজৰিৱালৰ দলে লেফটেনেণ্ট গৱৰ্ণৰৰ জৰিয়তে ৰাইজে নিৰ্বাচিত কৰা চৰকাৰৰ কাম-কাজত কেন্দ্ৰই হস্তক্ষেপ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷
বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সংবিধান বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। ‘ৰাইজৰ ইচ্ছা’ কাৰ্যকৰী কৰিবলৈ এখন চৰকাৰ নিৰ্বাচিত হয় বুলি আদালতে প্ৰকাশ কৰে। গতিকে সকলো প্ৰশাসনিক কামত চৰকাৰে সকলো সিদ্ধান্ত ল’ব। আনহাতে, চৰকাৰৰ নিৰ্দেশনা মানি চলিব ৰাজ্যপালগৰাকীয়ে। ৰায়দান পাঠ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদিহে বিষয়াসকলে মন্ত্ৰীসকলক তেওঁলোকৰ কামৰ বিষয়ে বুজাই নিদিয়ে তেন্তে যৌথ দায়বদ্ধতাৰ নীতি উলংঘা হ’ব। অৱশ্যে উচ্চতম ন্যায়ালয়ে কয় যে প্ৰয়োজন হ’লে ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু কেবিনেটক পৰামৰ্শ দিব পাৰে।
কেন্দ্রীয় শাসিত অঞ্চলত নির্বাচিত চৰকাৰৰ ক্ষমতা নির্বাচিত চৰকাৰৰ হাতত থাকিব, নে লেফটেনেণ্ট গৱর্নৰৰ জৰিয়তে কেন্দ্রই চূড়ান্ত মতামত দিব নে নাই, এই বিতর্ক বহুদিন ধৰি চলি আহিছে৷ আন ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা থকাৰ বিপৰীতে দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়। শেহতীয়াকৈ দিল্লীত আপ চৰকাৰৰ সৈতে লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ মাজত মতভেদ চলি আহিছে । কেন্দ্রীয় চৰকাৰে ৰাজ্যপালৰ জৰিয়তে চৰকাৰৰ কামত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানিৰ ৰায় স্থগিত ৰাখিছিল।