VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে , আদালতৰ মজিয়াত সকাহ কেন্দ্ৰৰ , প্ৰত্যাহ্বান জনাই তৰা গোচৰ খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

voicedesk by voicedesk
February 27, 2023
in আইন
অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে , আদালতৰ মজিয়াত সকাহ কেন্দ্ৰৰ , প্ৰত্যাহ্বান জনাই তৰা গোচৰ খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ
0
SHARES
41
VIEWS
Share on FacebookShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ত অগ্নিপথ আঁচনিক লৈ সকাহ লাভ কৰিলে কেন্দ্ৰই। সশস্ত্ৰ বাহিনীত প্ৰাৰ্থী নিযুক্তিৰ বাবে কেন্দ্ৰৰ অগ্নিপাথ আঁচনিক প্ৰত্যাহ্বান জনাই  দাখিল কৰা আৱেদনসমূহ আদালতে খাৰিজ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে আঁচনিখনত হস্তক্ষেপ কৰাৰ কোনো বৈধ কাৰণ নাই। আদালতে যুক্তি দিছিল যে এই আঁচনিখন দেশৰ স্বাৰ্থত আৰু যিকোনো প্ৰতিৰক্ষামূলক কামত সশস্ত্ৰ বাহিনীক শক্তিশালী আৰু সংগঠিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে ৷

 

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰহমান্যম প্ৰসাদেৰে গঠিত দুজনীয়া বিচাৰপীঠে এই  ৰায় দিয়ে। আবেদনসমূহ খাৰিজ কৰাৰ সময়ত  বিচাৰপীঠে আৰু লক্ষ্য কৰে যে আবেদনকাৰীসকলৰ এইদৰে নিযুক্তি বিচৰাৰ কোনো অধিকাৰ নাই। এই ৰায় যোৱা বছৰৰ ১৫ ডিচেম্বৰৰ পৰা সংৰক্ষিত আছিল।

 

২০২২ চনৰ ১৪ জুনত ভাৰতীয় যুৱক-যুৱতীক সশস্ত্ৰ বাহিনীত নিয়োগ কৰিবলৈ অগ্নিপথ আঁচনি আৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীসকলে ‘অগ্নিবীৰ’ হিচাপে চাৰি বছৰ দেশৰ সেৱা আগবঢ়াব বুলি সিদ্ধান্ত লোৱা হৈছিল।

 

অগ্নিপথ আঁচনিৰ অধীনত ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাত মুঠ ৪৬ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল কেন্দ্ৰই। সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ মুৰব্বীৰ বৈঠকৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে  ১৭ বছৰৰ পৰা ২১ বছৰ বয়সৰ ভিতৰৰ যুৱক-যুৱতীসকলক ‘অগ্নিবীৰ’ হিচাপে নিযুক্তি দিয়া হ’ব। কেন্দ্ৰই লগতে ঘোষণা কৰে যে এই প্ৰকল্পৰ একমাত্ৰ উদ্দেশ্য হৈছে এক অনুশাসিত আৰু দক্ষ সেনাবাহিনী সৃষ্টি কৰা।

 

কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছত সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হয় । ভাৰতীয় সেনাবাহিনীত বিষয়া-জোৱানৰ সাধাৰণ নিযুক্তি বয়স ১৮-২৫ বছৰ বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। নতুন বয়সৰ সীমাত বহু যুৱকে চাকৰিৰ সুযোগ হেৰুৱাব। ইয়াৰ বাহিৰেও ক’ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ বাবে সেনা নিযুক্তি স্থগিত ৰখাৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ বয়স বৃদ্ধি পাইছে। ফলত আৰু বহুতৰে সশস্ত্ৰ বাহিনীত যোগদানৰ সপোন পুৰণ নহ’ল । ইয়াৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰথম বেটচত অগ্নিবীৰ নিযুক্তিৰ উচ্চ সীমা ২১ৰ পৰা ২৩লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। কিন্তু ইয়াৰ দ্বাৰাও পৰিস্থিতি শান্ত নহ’ল। অগ্নিপথ প্ৰকল্পত ‘চুক্তিবদ্ধ সৈন্য’ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সশস্ত্ৰ বাহিনীত স্থায়ী নিযুক্তিৰ অন্ত পৰিব পাৰে বুলিও আশংকা কৰা হৈছে। এই সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়তো কেইবাটাও গোচৰ ৰুজু কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়তো কেইবাখনো আৱেদন দাখিল কৰা হয়। সোমবাৰে সেই সকলো আবেদন নাকচ কৰে আদালতে।

 

Previous Post

দিল্লী অভিমুখী বিমানত চৰাইৰ খুন্দাত ইঞ্জিন ক্ষতিগ্ৰস্ত, কথমপি প্ৰাণৰক্ষা ১৫০ জন যাত্ৰীৰ

Next Post

দ্বিতীয় সন্তান কোলালৈ অহাৰ পূর্বেই প্ৰেমিকৰ সৈতে বিয়াত বহিব পপ তাৰকা ৰিহানা

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
দ্বিতীয় সন্তান কোলালৈ অহাৰ পূর্বেই প্ৰেমিকৰ সৈতে বিয়াত বহিব  পপ তাৰকা ৰিহানা

দ্বিতীয় সন্তান কোলালৈ অহাৰ পূর্বেই প্ৰেমিকৰ সৈতে বিয়াত বহিব পপ তাৰকা ৰিহানা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7