মাওবাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত ৰুজু হোৱা গোচৰত আজি পুনৰ নিয়াৰ আদালতত হাজিৰ হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ এই গোচৰটোত আন তিনিজন সতীর্থসহ আদালতে অখিল গগৈক দোষমুক্ত ঘোষণা কৰিছিল ৷ কিন্তু আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনায় নিয়া উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ উচ্চ ন্যায়ালয়ে গোচৰটোৰ পুনৰ বিচাৰপ্ৰক্ৰিয়া চলাবলৈ নির্দেশ দিয়াৰ পাছত অখিল গগৈক হাজিৰ হ’বলৈ নির্দেশ দিয়ে ৷ ইয়াৰ ভিত্তিতে কেইবা বাৰো গোচৰটোত আদালতত হাজিৰ হ’ব লগীয়া হৈছে শিৱসাগৰৰ বিধায়কজন ৷ কা অন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ পৰৱর্তী সময়ত নিয়ালৈ হস্তান্তৰ কৰা হৈছিল ৷
আজি আদালতত হাজিৰ হোৱাৰ পাছত অখিল গগৈয়ে কয় যে তেওঁৰ ওপৰত জাপি দিয়া গোচৰ ভিত্তিহীন ৷ এতিয়া চার্জফ্ৰেমৰ শুনানি অনুষ্ঠিত হৈ আছে ৷ আদালতে নাকচ কৰা গোচৰটো পুনৰ তেওঁৰ ওপৰত জাপি দি হাৰাশাস্তি কৰি আহিছে ৷ লঘূ গোচৰবিলাক উঠাই ল’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল ৷ কিন্তু সেয়া তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰিলে ৷ অৱশ্যে গোচৰ জাপি হাৰাশাস্তি কৰিলেও তেওঁৰ মুখ বিজেপি চৰকাৰে বন্ধ কৰিব নোৱাৰে বুলিও অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে ৷