VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

voicedesk by voicedesk
August 25, 2023
in আইন
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

চিবিআইৰ তদন্ত চলাই থকা মণিপুৰৰ হিংসা সম্পৰ্কীয় গোচৰসমূহৰ শুনানি  অসমৰ গুৱাহাটীস্থিত আদালতত গ্ৰহণ কৰিবলৈ শুকুৰবাৰে  নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন বিচাৰপীঠে সেই গোচৰসমূহৰ বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিম্ন আদালত মনোনীত কৰাৰ দায়িত্ব প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে কয় যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ জিম্মা, হিংসাৰ অভিযোগত অভিযুক্ত ব্যক্তি আৰু সাক্ষীসকলৰ শুনানিও গুৱাহাটীত অনুষ্ঠিত হ’ব।

 

অৱশ্যে শাৰীৰিক উপস্থিতিৰ লগতে ভাৰ্চুৱেল শুনানিও চলি থাকিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে সদৰী কৰিছে । ইয়াৰ বাবে মণিপুৰ চৰকাৰক প্ৰয়োজনীয় ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে  যোৱা ২০ জুলাইত মণিপুৰৰ কাংপকপিত দুগৰাকী মহিলাক নগ্ন কৰি ৰাজপথত পেৰেড কৰাৰ ভিডিঅ’ আৰু দলীয় ধৰ্ষণৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷  ইয়াৰ পিছতে যোৱা ৮ আগষ্টত মণিপুৰৰ হিংসাৰ তদন্ত আৰু হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ এখন সমিতি গঠন কৰে ৷

 

এটৰ্নী জেনেৰেলে কেন্দ্ৰৰ হৈ উচ্চতম ন্যায়ালয়ত কয় যে চিবিআইয়ে কাংপকপি কাণ্ডকে ধৰি মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ১১টা গোচৰৰ তদন্ত কৰি আছে। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৰাজ্যৰ বাহিৰৰ পৰা অহা পাঁচজন ডিএছপি পৰ্যায়ৰ বিষয়াই চিবিআইৰ তদন্ত নিৰীক্ষণ কৰিব। তেওঁলোকৰ ওপৰত থাকিব অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া দত্তত্ৰেয় পদছালগীকাৰ। একে সময়তে উচ্চতম ন্যায়ালয়ে কয় যে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ সৈতে জড়িত ৪২টা বিশেষ তদন্তকাৰী দল (এছ আই টি)ক অন্য ৰাজ্যৰ ডি আই জি ৰেংকৰ আৰক্ষী বিষয়াই নিৰীক্ষণ কৰিব। এজন ডিআইজিয়ে ছটা এছআইটি নিৰীক্ষণ কৰিব ৷

 

 

চলিত মাহত চিবিআইয়ে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে ২৯গৰাকী মহিলা বিষয়াসহ ৫৩গৰাকী বিষয়াৰ ‘দল’ গঠন কৰে। তদন্তকাৰী দলটোত ডি আই জি পৰ্যায়ৰ তিনিগৰাকী মহিলা বিষয়াক ‘পৰ্যবেক্ষক’ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ডেপুটি ছুপাৰ ৰেংকৰ অতিৰিক্ত দুগৰাকী ছুপাৰ আৰু ছয়গৰাকী মহিলা বিষয়াও আছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰিব চিবিআইৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ে। সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, চিবিআইৰ ইতিহাসত কেতিয়াও কোনো ঘটনাৰ তদন্তৰ বাবে ইমান বৃহৎ সংখ্যক বিষয়া নিয়োগ কৰা হোৱা নাই।

​

Previous Post

নিৰ্বাচনত ৰিগিং কৰাৰ অপৰাধত ২০ মিনিট কাৰাগাৰৰ আলহী হ’ল প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

Next Post

ৰাজ্যত নিষিদ্ধ ১০০০ মিলিলিটাৰৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ উৎপাদন- বিপনন- ব্যৱহাৰ, জাৰি কৰা হ’ল আনুষ্ঠানিক জাননী

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
ৰাজ্যত নিষিদ্ধ ১০০০ মিলিলিটাৰৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ উৎপাদন- বিপনন- ব্যৱহাৰ, জাৰি কৰা হ’ল আনুষ্ঠানিক জাননী

ৰাজ্যত নিষিদ্ধ ১০০০ মিলিলিটাৰৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ উৎপাদন- বিপনন- ব্যৱহাৰ, জাৰি কৰা হ’ল আনুষ্ঠানিক জাননী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7