দেশৰ শীৰ্ষ আদালতে জাতি আৰু বর্ণৰ ওপৰত ভিত্তি কৰি আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ নিয়মত নিষেধাজ্ঞা জাৰি কৰে। বৃহস্পতিবাৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এক ৰায়দানৰ জৰিয়তে এই নিষেধাজ্ঞা জাৰি কৰে। এই ৰায়দানৰ ফলত সংখ্যালঘু আৰু আফ্ৰিকান-আমেৰিকানসকলৰ শৈক্ষিক সুযোগত আঘাত হানিব বুলি আশা কৰা হৈছে।
মহিলা গৰ্ভপাত অধিকাৰ আইনখন বাতিল কৰাৰ এবছৰৰ ভিতৰতে উচ্চতম ন্যায়ালয়ে আন এখন আইন বাতিল কৰে। ১৯৬০ চনৰ উদাৰতাবাদ বাতিলৰ সপক্ষে বহু যুক্তি আদালতত দাখিল কৰা হৈছিল। শেষত ছয়জন ৰক্ষণশীল লোকে আইনখন বাতিলৰ সপক্ষে আৰু তিনিজন উদাৰবাদীয়ে বিপক্ষে ভোটদান কৰে। মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছেও এই আইনখনক বাতিল কৰিবলৈ ভোটদান কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ মতামতত লিখিছে, “সেই সময়ত এই পদক্ষেপ সু-উদ্দেশ্যৰে হ’লেও ই চিৰদিনৰ বাবে স্থায়ী হ’ব নোৱাৰে। আনৰ বাবে এই সংৰক্ষণ অসাংবিধানিক আৰু বৈষম্যমূলক।” তেওঁ লগতে লিখিছে, “ছাত্ৰ-ছাত্ৰীক জাতি নহয়, শিক্ষা আৰু অভিজ্ঞতাৰ ভিত্তিত বিচাৰ কৰা উচিত। বহু বিশ্ববিদ্যালয়ে ইমান দিনে ইয়াৰ বিপৰীত কাম কৰি আহিছে। ফলত তেওঁলোকে এজন ব্যক্তিৰ পৰিচয় যোগ্যতাৰ ভিত্তিত নহয়, শৰীৰৰ ৰং বা জাতিৰ ভিত্তিত চাবলৈ লৈছে। এই সকলোবোৰ আমাৰ সংবিধানৰ বিৰুধী।” বিৰোধী ন্যায়াধীশ ছোনিয়া ছাটমেয়াৰে কয়, “জাতিক আওকাণ কৰিলে সমাজত জাতিগত বৈষম্য দূৰ নহয়। ১৮৬০ চনত যিটো সত্য আছিল সেয়া ১৯৫৪ চনত সত্য আছিল আৰু আজিও সত্য হৈ আছে। সমতাৰ বাবে বৈষম্যক স্বীকৃতি দিয়াৰ প্ৰয়োজন।”
উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ সৈতে একমত নাছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। তেওঁ কয়, ‘এই বিচাৰে যোৱা কেইটামান দশকৰ ইতিহাস পাহৰি গৈছে। আমেৰিকাত এতিয়াও বৈষম্য আছে। আজিৰ সিদ্ধান্তই সেইটো সলনি কৰিব নোৱাৰে। এইটো এটা সাধাৰণ সত্য যে যদি কোনো ছাত্ৰই শিক্ষাৰ ক্ষেত্ৰত প্ৰতিকূলতা দূৰ কৰিব বিচাৰে তেন্তে শিক্ষানুষ্ঠানসমূহে সেই প্ৰচেষ্টাক স্বীকৃতি দিব লাগে। “আদালতৰ ৰায়দানৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে কয় যে শৈক্ষিক উৎকৰ্ষতাৰ বাবে বৈচিত্ৰ্য আৰু ব্যক্তিত্ব অতি প্ৰয়োজনীয়।