স্বামী-স্ত্ৰীয়ে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈ ইজনে সিজনৰ প্ৰতি বিদ্বেষিত হোৱাৰ সময়ত তেওঁলোকক একেলগে থাকিবলৈ বাধ্য কৰাটো নিষ্ঠুৰতাৰ সমান। এই মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৷ ন্যায়াধীশ সৌমিত্ৰ দয়াল সিং আৰু অৰুণ কুমাৰ সিং দেশৱালৰ বিচাৰপীঠেও স্বামীৰ বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰে।
ৰায়দানত বিচাৰপীঠখনে কয়, ‘পতি-পত্নী দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে। সম্পত্তিৰ সন্দৰ্ভত বাদী আৰু প্ৰতিবাদীৰ মাজত গুৰুতৰ বিবাদ হৈছে। লগতে দুয়োজনে অভিযোগ কৰে যে আনজনৰ বিবাহ বহিৰ্ভূত প্ৰেম আছিল। ইজনে সিজনক ঘৃণা কৰা দম্পতীক নিজৰ ইচ্ছাৰ বিৰুদ্ধে একেলগে থাকিবলৈ নির্দেশ দিয়াটো নিষ্ঠুৰতা ৷”
উল্লেখ্য যে ২০০২ চনত বিবাহৰ পিছত অশোক ঝা নামৰ লোকজনে পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে, যিটো গোচৰ ২০১৯ চনত পত্নী প্ৰতিভা ঝাৰ অনুপস্থিতিত মঞ্জুৰ কৰা হয়। কিন্তু প্ৰতিভাই এই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ পিছত পৰিয়াল আদালতে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি একেলগে থাকিবলৈ নির্দেশ দি গোচৰ খাৰিজ কৰে। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপি অশোকে কয় যে তেওঁৰ বিৰুদ্ধে পত্নীয়ে দাখিল কৰা অপৰাধমূলক গোচৰৰ পৰা প্ৰমাণৰ অভাৱত তেওঁক দোষমুক্ত কৰা হৈছে। ইয়াৰ পিছত তেওঁৰ বাবে এই সম্পর্কত থকাতো সম্ভৱ নহয়।
শুনানিৰ সময়ত স্বামী-স্ত্ৰীৰ বক্তব্য শুনে ন্যায়াধীশসকলে। ইজনে সিজনৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ উত্থাপন কৰে। এজন ব্যক্তিৰ সম্পত্তি অবৈধভাৱে আন এজন ব্যক্তিয়ে দখল কৰা বুলিও অভিযোগ কৰে। আনহাতে দুয়োপক্ষই এজনে আনজনৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰো ৰুজু কৰিছে।
এনে পৰিস্থিতিত বিচাৰপীঠখনে পৰিয়াল আদালতে বিবাহৰ অন্ত পেলোৱাৰ নিৰ্দেশক সমালোচনা কৰে। একে সময়তে তেওঁ স্বামীক ততাতৈয়াকৈ এক কোটি টকা ভৰণ-পোষণ হিচাপে দিবলৈ নিৰ্দেশ দিলে। পলম হ’লে বছৰি ৬ শতাংশ হাৰত সুত ভৰিব লাগে।