আৰক্ষী বিষয়াসকলক ব্যক্তিগত কামৰ বাবে পিএছঅ’ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই ৷
বৰ্তমান সময়ত মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশৰ জনসাধাৰণক কোঙা কৰিছে ৷ এই সময়ছোৱাত অসমৰ দৰে ৰাজ্যতো জীয়াতু ভূগিছে বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৷ লগতে এনে মূল্যবৃদ্ধিৰ আঁৰত চৰকাৰৰ হিতাধিকাৰী সৃষ্টি কৰা আঁচনিকে জগৰীয়া কৰিছে সাধাৰণ লোকে ৷ইফালে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বিভিন্ন বিৰোধী দল ,ছাত্ৰ সংগঠনসমূহকে আদি কৰি ৰাজ্যখনৰ অন্যান্য বহু দল সংগঠন ৷
অৱশ্যে এই প্ৰতিবাদ সমূহৰ পৰিপ্ৰেক্ষিতত ৰাইজক আস্বাস প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ,’মূল্য বৃদ্ধি হৈছে, সেয়া আমিও মানিছোঁ , কিন্তু কিছুদিন অপেক্ষা কৰক ৷ মোদীৰ ওপৰত বিশ্বাস ৰাখক ৷ কিন্তু কেতিয়া মূল্য হ্ৰাস পাব সেয়া এই মূহুৰ্ততে ক’ব নোৱাৰিম ৷’
আনহাতে আন বহুকেইটা বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এতিয়াৰ পৰা আৰক্ষী বিষয়াই যধে মধে ৰাখিব নোৱাৰিব পি এছ অ’ ৷ অৱসৰৰ পাছতো বহু আৰক্ষী বিষয়াই পি এছ অ’ ৰখাৰ কাৰ্য নীতি বহিৰ্ভূত ৷ প্ৰত্যেক বেটেলিয়ান কামাণ্ডাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও অৱগত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অহা দহদিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন ৷ অধিক পিএছ অ’ ৰখা কাৰ্য প্ৰত্যাহাৰ কৰিব লাগিব অসমৰ আৰক্ষী বিষয়াসকলে ৷