অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ‘দক্ষতা বিকাশ দুৰ্নীতি’ গোচৰত জামিন মঞ্জুৰ কৰা হৈছে। চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে তেওঁৰ আবেদন মঞ্জুৰ কৰা হয়। অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে স্বাস্থ্যজনিত কাৰণত প্ৰবীণ ৰাজনীতিবিদগৰাকীক জামিন মঞ্জুৰ কৰে।
চন্দ্ৰবাবু নাইডুক ৰাজমাহেন্দ্ৰবৰম কাৰাগাৰত ৰখা হৈছে। ইয়াৰ পূৰ্বে তেওঁ জেলত নিৰাপত্তা বিচাৰি নিম্ন আদালতৰ কাষ চাপিছিল। তেওঁ আবেদনখনত কয় যে তেওঁক ৰখা কাৰাগাৰ চৌহদত নিখুঁত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। ২৫ অক্টোবৰত চন্দ্ৰবাবুৱে জেল কৰ্তৃপক্ষৰ জৰিয়তে আদালতলৈ এখন পত্ৰ প্ৰেৰণ কৰে। চিঠিখনত তেওঁ অভিযোগ কৰে যে জেলত তেওঁৰ লগত কেইবাটাও ঘটনা সংঘটিত হৈছে, য’ত তেওঁৰ জীৱন সন্দেহৰ আৱৰ্তত। গতিকে অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যাপ্ত নিৰাপত্তা বিচাৰে। জেলত জেড প্লাছৰ দৰে একে নিৰাপত্তাৰ দাবী কৰে তেওঁ। সেই নিৰাপত্তা তেওঁক পৰৱর্তী সময়ত জেলতেই দিয়া হৈছিল।
চন্দ্ৰবাবুৱে কাৰাগাৰত মহৰ উপদ্ৰৱক লৈ বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে। তেওঁৰ দলৰ সদস্যসকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছিল। অভিযোগ অনুসৰি, মহৰ উপদ্ৰৱ সন্দৰ্ভত কাৰাগাৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অৱশ্যে জেল কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাই বুলি দাবী কৰে। তেওঁৰ কোঠাটোত বিচনা, আঠুৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছতো দলীয় কর্মী আৰু সমর্থকসকলে চন্দ্রবাবুৰ সুৰক্ষা আৰু স্বাস্থ্যৰ বিষয়ে নিশ্চিত হ’ব পৰা নাছিল৷ অৱশেষত স্বাস্থ্যজনিত কাৰণত চন্দ্ৰবাবুৰ অন্তৱৰ্তীকালীন জামিন আৱেদন মঞ্জুৰ হয়।