চীনৰ ৰাজ্যিক পৰিষদে নতুনকৈ প্ৰণয়ন কৰা নিয়মৰ ভিত্তিত চীনা কৰ্তৃপক্ষই সোমবাৰে অৰ্থাৎ ২০২২বৰ্ষৰ ৬ জুন তাৰিখে চীনৰ নাবালকসকলৰ বাবে টেটু নিষিদ্ধ কৰিছে ।নতুন নিয়ম অনুসৰি চীনৰ বিভিন্ন কোম্পানী, সংগঠন বা ব্যক্তিসকলকো নাবালকসকলক টেটু সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে। এই নিয়মাৱলী অনুসৰি তেওঁলোকে নাবালকসকলক টেটু আঁকিবলৈ জোৰ কৰিব বা উদগনি দিব নোৱাৰিব।
চীনৰ এক আগশাৰীৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই কথা স্পষ্ট কৰা হৈছে যে, ‘টেটু সেৱা প্ৰদানকাৰীসকলে তেওঁলোকৰ প্ৰতিষ্ঠানত স্পষ্ট বিবৃতি পোষ্ট কৰিব লাগিব যে, তেওঁলোকে নাবালকসকলক টেটু সেৱা প্ৰদান কৰিব নোৱাৰে। যদি গ্ৰাহকৰ বয়স সম্পৰ্কে তেওঁলোকৰ কিবা সন্দেহ থাকে তেন্তে তেওঁলোকে এই ক্ষেত্ৰত গ্ৰাহকৰ পৰা পৰিচয় প্ৰমাণ বিচাৰিব লাগিব ।লগতে এই নিয়মাৱলী অনুসৰি এই কথাও স্পষ্ট কৰা হৈছে যে বিজ্ঞাপন, কিতাপ, আলোচনী বা ডিজিটেল প্ৰকাশনত এনে কোনো সমল অন্তৰ্ভুক্ত নহ’ব যি এক প্ৰকাৰে নাবালকসকলক টেটু কৰিবলৈ আকৰ্ষিত কৰিব পাৰে।আনহাতে অভিভাৱক- অভিভাৱকসকলে তেওঁলোকৰ সন্তানক টেটু কৰিবলৈ বিচৰাত বাধা প্ৰদান কৰিব লাগিব বুলিও এই নিৰ্দেশাৱলী যোগে চীনৰ অভিভাৱক সকললৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৷
উল্লেখযোগ্য যে এই প্ৰতিবেদন যোগে চৰকাৰী সংস্থাসমূহক এই নতুন নিয়মাৱলীক সমৰ্থন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।