ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমনক লৈ এইবাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ বিশেষকৈ উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বৃহৎ নির্বাচনী সভা আয়োজন কৰাক লৈ ন্যায়ালয় শংকিত হৈ পৰিছে ৷ নির্বাচনী সভাসমূহত অংশগ্ৰহণ কৰা লোকসকলে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দুৰত্ব মানি নচলাৰ বাবে ক’ভিডৰ ব্যাপক গণ সংক্ৰমনৰ আশংকা কৰা হৈছে ৷ ইয়াৰ মাজতে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অহ্বান জনাইছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ । তদুপৰি ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অতি সংক্ৰামক অ’মিক্ৰনৰ বাবে ৰাজ্যখনত নিৰ্বাচন সম্পৰ্কীয় সমাৱেশ নিষিদ্ধ কৰাৰ লগতে নিৰ্বাচন স্থগিত ৰখাৰ বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনাইছে ৷ এখন জামিন আৱেদনৰ শুনানিৰ সময়ত এই আহ্বান জনাইছে ন্যায়ালয়ে ৷শুনানিৰ সময়ত ন্যায়াধীশ শেখৰ যাদৱে কয় যে যদি নির্বাচনী ৰেলী বন্ধ কৰা নহয়, তেনেহ’লে পৰিস্থিতি দ্বিতীয় ঢৌতকৈ অধিক শোচনীয় হ’ব ৷ জীৱন থাকিলেহে পৃথিৱী থাকিব বুলিও ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰে ৷
উচ্চ ন্যায়ালয়ত গোচৰত শুনানিৰ বাবে হাজাৰ হাজাৰ লোকে ভিৰ কৰাৰ লগতে সামাজিক দুৰত্ব মানি নচলাৰ প্ৰসংগতে ন্যায়াধীশগৰাকীয়ে কয় “নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ সংক্ৰমন বাঢ়ি অহাৰ বাবে কোভিডৰ তৃতীয় ঢৌৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে ৷ ” তেওঁ ক’ভিড সংক্ৰমনৰ বাবে বিভিন্ন দেশত লকডাউন দিবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱা প্ৰসংগৰে প্ৰকাশ পোৱা বাতৰিৰ বিষয়েও উল্লেখ কৰে ৷ গাওঁ পঞ্চায়ত আৰু পশ্চিমবংগ বিধানসভা নির্বাচনৰ পাচত ক’ভিডৰ সংক্ৰমন বৃদ্ধি পোৱাৰ প্ৰসংগও তেওঁ উল্লেখ কৰে ৷ তেওঁ আঙুলিয়াই দিয়ে যে ৰাজনৈতিক দলসমূহে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে সমদল আৰু সমাৱেশৰ আয়োজন কৰিছে আৰু এনে সমাৱেশত ক’ভিড প্ৰট’কল অনুসৰণ কৰাটো অসম্ভৱ।