অনুমতি অবিহনে কোনো লোকে ব্যৱহাৰ কৰিব নোৱাৰিব মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাম, কণ্ঠ, ভাবমূৰ্তি আৰু ব্যক্তিত্বৰ বৈশিষ্ট্য ৷ আজি দিল্লী উচ্চ ন্যায়ালয়ে বচ্চনৰ বৌদ্ধিক সম্পত্তি — নাম, কণ্ঠ, ভাবমূৰ্তি, ব্যক্তিত্বৰ বৈশিষ্ট্য তেওঁৰ অনুমতি অবিহনে কোনো ব্যক্তিয়ে ব্যৱহাৰ কৰাত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰে।ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু টেলিকম সেৱা প্ৰদানকাৰী কৰ্তৃপক্ষ এনেধৰণৰ সামগ্ৰী আঁতৰাবলৈও আদালতে নিৰ্দেশ দিয়ে।
দিল্লী উচ্চ ন্যায়ালয়ে কয় -“এইটো গুৰুতৰভাৱে বিতৰ্ক কৰিব নোৱাৰি যে আৱেদনকাৰী এজন সুপৰিচিত ব্যক্তিত্ব আৰু বিভিন্ন বিজ্ঞাপনতো তেওঁক প্ৰতিনিধিত্ব কৰা হয়। তেওঁৰ অনুমতি বা অনুমোদন অবিহনে চেলিব্ৰিটিৰ মৰ্যাদা ব্যৱহাৰ কৰি নিজৰ সামগ্ৰী আৰু সেৱাৰ প্ৰচাৰ কৰাত ক্ষুব্ধ হৈ পৰিছে ৷ “ অমিতাভ বচ্চনে অনুমতি অবিহনে নিজৰ নাম, প্ৰতিচ্ছবি, কণ্ঠ আৰু ব্যক্তিগত বৈশিষ্ট্যৰ ব্যৱসায়িক ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ত দেৱানী গোচৰ তৰিছিল।
বচ্চনৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভেই যুক্তি প্ৰদর্শন কৰি কয়-“মই মাত্ৰ কি হৈছে তাৰ এটা আভাষ দিছো। কোনোবাই টি-চাৰ্ট বনাই মুখখন পিন্ধিবলৈ আৰম্ভ কৰিছে। কোনোবাই তেওঁৰ পোষ্টাৰ বিক্ৰী কৰি আছে। কোনোবাই গৈ ডমেইন নাম অমিতাভবচ্চন ডট কম পঞ্জীয়ন কৰিছে। এই কাৰণেই আমি ন্যায়ালয়ৰ কাষ চাপিছো ৷”প্ৰখ্যাত অভিনেতাগৰাকীয়ে গ্ৰন্থ প্ৰকাশক, টি-চাৰ্ট বিক্ৰেতা,কে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধেও নিষেধাজ্ঞাৰ নির্দেশ দিবলৈ প্ৰার্থনা জনাইছে ৷