প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দিল্লীবাসীক অতীষ্ঠ কৰি তুলিছে । শেহতীয়াকৈ ৰাজধানী চহৰখনৰ উষ্ণতাই ৫২ ডিগ্ৰী চেলচিয়াছৰ সীমা অতিক্ৰম কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে এই পৰিস্থিতিত গছ কাটিব নালাগে বুলি সকীয়াই দিছে। আদালতে কয়, “নতুন প্ৰজন্মই যদি গছ কটা কার্য বন্ধ নকৰে তেন্তে ৰাজধানী অতি সোনকালে মৰুভূমিত পৰিণত হ’ব।“
শেহতীয়াকৈএক শুনানিত ৰাজধানী দিল্লীৰ কথা উল্লেখ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তুষাৰ ৰাও গেডেলাই কয় যে শেহতীয়াকৈ দিল্লীৰ তাপমাত্ৰা ৫২.৩ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছে। সেই দিন আৰু বেছি দূৰ নাই, চহৰখন মৰুভূমিলৈ পৰিণত হ’ব পাৰে। লগতে ন্যায়াধীশগৰাকীয়ে নৱ প্ৰজন্মক তৎক্ষণাত গছ কটাৰ কার্যৰ পৰা আঁতৰি যাবলৈ বাৰ্তা প্ৰদান কৰিছে।
ইয়াৰ পূৰ্বে ৰাজধানীৰ বনাঞ্চলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ‘আভ্যন্তৰীণ বিভাগীয় সমিতি’ গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নাজমি ৱাজিৰী আছিল ইয়াৰ অধ্যক্ষ। কিন্তু আন্তঃগাঁথনিৰ অভাৱত তেওঁ সেই ধৰণে উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে।
আদালতে বিষয়টো উল্লেখ কৰি কয় যে ন্যায়াধীশ ৱাজিৰীয়ে কাৰ্যালয়, কৰ্মচাৰী, আৰু যাতায়তৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে কাম কৰিব নোৱাৰিলে। এনে পৰিস্থিতিত আদালতে প্ৰশাসনক সকলো আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবেও ১৫ জুনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।
অধিবক্তা অৰুণাধাৰী আয়াৰে দাখিল কৰা কমিটীৰ অধ্যক্ষৰ প্ৰতিবেদনত দিল্লী চৰকাৰক আন্তঃগাঁথনি যোগান ধৰিবলৈ নির্দেশ দিয়ে । কমিটীৰ কাম-কাজৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনিৰ উপযুক্ত ব্যৱস্থা প্রশাসনে কৰিব লাগে বুলি আদালতে কয়৷ যাতে সমিতিখনে নিজৰ কাম কৰিব পাৰে।
মুখ্য বন সংৰক্ষকগৰাকীয়ে কয় যে এই নথি-পত্ৰ অনুমোদনৰ বাবে সংশ্লিষ্ট মন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। যদি তেওঁ সেউজ সংকেত দিয়ে তেন্তে চূড়ান্ত অনুমোদনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰলৈ প্ৰেৰণ কৰা হ’ব। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৯ জুলাইত হ’ব বুলি আদালতে জানিবলৈ দিয়ে।