প্ৰত্যেক মানুহৰ জীৱনলৈ হঠাতে কিছুমান ধুমুহা আহে। আইনী মেৰপেঁচ ও তেনে এক ধুমুহাই হয়। মাটি বাৰী, ঘৰ – সংসাৰ ক লৈ সমস্যা নথকা অথবা কোনো অপৰাধ নকৰাকৈ নিৰহ নিপালি জীৱন যাপন কৰিবলৈ বিচৰা সাধাৰণ সুখী মানুহ ও কেতিয়াবা আৰক্ষী আৰু আদালতৰ কাষ চাপিব লগা হ’ব পাৰে। ভয়, শংকা, দুখ, হতাশা তথা আৰ্থিক অসুবিধাই সেই সময়ত মানুহক বিবুদ্ধিত পেলোৱাতো নিশ্চিত। তেনেক্ষেত্ৰত যাৰে তাৰে উপদেশ লৈ যিকোনো সিদ্ধান্ত লৈ লোৱাৰ ফলত সমস্যা সমাধানৰ সলনি সমস্যা বঢ়াৰহে সম্ভাৱনা অধিক।
পেৰা লীগেল ভলণ্টিয়াৰ বা পি. এল. ভি.কোন?
প্ৰতিখন আৰক্ষী থানাৰ অধীনত দুজনকৈ পেৰা লীগেল ভলণ্টিয়াৰ থাকিব লাগে। জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা শিক্ষক বা অৱসৰপ্ৰাপ্ত শিক্ষক, আইনৰ ছাত্ৰ-ছাত্ৰী, অংগৱাড়ী আৰু আশা কৰ্মী, এন. জি.অ’ কৰ্মী, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া, জ্যেষ্ঠ নাগৰিক, চিকিৎসক আদি লোকক পি এল ভি হিচাপে নিযুক্তি দিয়া হয়। তেওঁলোকৰ প্ৰধান কাম হ’ল সমাজৰ অৰ্থনৈকভাৱে দুৰ্বল, মহিলা, শিশু আদি লোকক প্ৰয়োজন সাপেক্ষে বিনামূলীয়া আইনী সাহাৰ্য প্ৰদান কৰিবলৈ তেওঁলোকক জিলা আইন সেৱা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰোৱাই দিয়া।
পি এল ভি সকলে আবেদন লিখা বা এজাহাৰ লিখাৰ ক্ষেত্ৰতো ভুক্তভোগী পৰিয়ালক সহায় কৰে। বহুলোকৰ আৰক্ষী বা আদালতৰ কাষ চপাৰ সাহস আৰু সুবিধা দুয়োটাৰে অভাৱ। অথচ আইনী মেৰপেঁচত সোমাই পৰিলে এই দুয়ো পক্ষৰ কাষলৈ নোযোৱাকৈ সমিধান নাপায়। চৰকাৰী আচঁনিৰ পৰা বঞ্চিত লোকো পি এল ভি ৰ সহায়ত জিলা আইন সেৱা প্ৰাধিকাৰীৰ ওচৰত আবেদন দাখিল কৰিব পাৰে।
প্ৰত্যেক জিলাৰ জিলা ন্যয়াধীশ আদালতৰ বাহিৰত অনুসন্ধান কক্ষ থাকে। তাতে পি এল ভি সকলক লগ কৰিব পৰা যায়। অথবা সকলো আৰক্ষী থানাৰ বাহিৰৰ বেৰত তেওঁলোকৰ থানাৰ অন্তৰ্গত পি এল ভি কেইজনৰ ফোন নম্বৰ সহিতে নাম দিয়া থাকে।
গতিকে প্ৰয়োজন অনুসৰি আৰক্ষী আৰু আদালতৰ কাষ চাপিবলৈ অসুবিধা পোৱা ভুক্তভূগী বিশেষকৈ মহিলা, শিশু ৰ বাবে অভিভাৱক অথবা দৰিদ্ৰ লোকসকলে পি এল ভি ৰ জৰিয়তে বিনামূলীয়া সহায় ল’ব পাৰে।
সমাজৰ তৃণমূল শ্ৰেণীটোক ন্যায় প্ৰদানৰ বাবে গঠিত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ অন্যতম আৰু অতি প্ৰয়োজনীয় আঁচনিয়ে হ’ল পেৰা লীগেল ভলণ্টিয়াৰৰ নিযুক্তি। তেওঁলোকে জনসাধাৰণ আৰু আদালতৰ মাজত জিলা ন্যায়িক প্ৰাধিকৰণৰ জৰিয়তে সাঁকো হিচাপে কাম কৰে।