ৰাজ্য কপাঁই যোৱা ২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণেৰে জড়িত ছয়জন লোকক আজি দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰা লোককেইজন হৈছে দিপাঞ্জলী গোহাঁই, মুহি সন্দিকৈ, লীলা গগৈ, যতীন দুৱৰি, প্ৰশান্ত ভুঞা আৰু হেমেন গগৈ ৷ এই আটাইকেউজন লোককে নিম্ন আদালতে বোমা বিস্ফোৰণত জড়িত থকাৰ বাবে দোষী সাৱ্যস্ত কৰিছিল ৷ ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত তেওঁলোকক দোষী সাৱ্যস্ত কৰি নিম্ন আদালতে শাস্তিও প্ৰদান কৰিছিল ৷
আজি উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰাসকলৰ ভিতৰত দিপাঞ্জলী গোহাঁই, মুহি সন্দিকৈ, লীল গগৈ আৰু যতীন দুৱৰিক নিম্ন আদালতে ১০ হেজাৰ টকাৰ জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল ৷ তদুপৰি প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল ৷ ইয়াৰ পাছতে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনায় আটাইকেউজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে যোৱা ২৪ জুলাইত গোচৰটোৰ ৰায়দান সংৰক্ষিত ৰাখে ৷ আজি এই ৰায়দান ঘোষণা কৰি উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে ৷ ইয়াৰ লগে লগে ১৪ টি শিশুসহ বহুলোক নিহত হোৱা এই বোমা বিস্ফোৰণৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীৰ সোপাঢিলা স্থিতি পুনৰ এবাৰ উন্মোচিত হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত ৷
২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কার্যসূচীৰ সময়তে আলফাই বোমা বিস্ফোৰণ সংঘটিত কৰিছিল ৷ য’ত ১৪টি শিশুসহ ১৮ জন লোকৰ মৃত্যু ঘটিছিল ৷