ৰাজ্যপালসকল জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি নহয় আৰু সেই বাবে বিধানসভাই গৃহীত কৰা সিদ্ধান্ত লক্ষ্য কৰি লোৱাটো উচিতনহয়। ৰাজ্যপালসকলক এই কথা সোঁৱৰাই দিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ কিয়নো অবিজেপি শাসিত প্ৰতিখন ৰাজ্যতে ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালৰ মাজত সংঘাত বৃদ্ধি পাইছে ৷ পশ্চিম বংগত ৰাজ্যপালগৰাকীয়ে বিধানসভাৰ দ্বাৰা গৃহীত কেইবাটাও সিদ্ধান্ত স্থগিত ৰাখি ৰাজ্য চৰকাৰৰ সৈতে সংঘাতৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে বিষয়টো আদালতত পোৱাৰ পূৰ্বে ৰাজ্যপালে বিধায়িনী দলে গৃহীত কৰা সিদ্ধান্তসমূহ চূড়ান্ত কৰিব লাগে।
পঞ্জাৱত ৰাজ্যপাল তথা বিজেপিৰ প্ৰাক্তন নেতা বানোৱৰীলাল পুৰোহিতৰ আৰু ভগৱন্ত সিং মান চৰকাৰৰ মাজত সংঘাত তীব্ৰ। বিধানসভাই গৃহীত কৰা কেইবাখনো বিধেয়কত অনুমোদন প্ৰদান নকৰাক লৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ৰাজ্য চৰকাৰে। মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে কেৰেলা আৰু তামিলনাডু চৰকাৰেও ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে একে অভিযোগত গোচৰ ৰুজু হৈছে । তাতো ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ সংঘাত শিখৰত উপনীত হৈছে৷ চৰকাৰে গৃহীত কৰা বিধেয়ক স্থগিত ৰাখিছে ৰাজ্যপালসকলে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়- ৰাজ্যপালসকলে অলপ আত্মানুসন্ধান কৰাটো প্ৰয়োজন। তেওঁলোকে মনত ৰখা উচিত যে ৰাজ্যপালজন কোনো নিৰ্বাচিত প্ৰতিনিধি নহয়। বিধানসভাই যদি কোনো সিদ্ধান্ত লয় তেন্তে তাক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।”
আজিৰ দিনটোতে ৰাজ্যপালৰ হৈ কাতৰ অনুৰোধ জনায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে তেওঁক জনোৱা মতে, গোচৰৰ শুনানিৰ পৰৱৰ্তী তাৰিখ ১০ নৱেম্বৰত নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যপালে কি সিদ্ধান্ত লৈছে তাৰ চূড়ান্ত প্ৰতিবেদন সেইদিনা তেওঁৰ সন্মুখত দাখিল কৰা হ’ব। নিৰ্বাচিত হোৱাৰ পিছত ভগৱন্ত সিং মানৰ নেতৃত্বত আম আদমি পাৰ্টি চৰকাৰে বিধানসভাত মুঠ ২৭খন বিধেয়ক গৃহীত কৰে। ইয়াৰে ২২খনত ৰাজ্যপাল বানোৱৰীলালে অনুমোদন দিছে যদিও ৫খনত সিদ্ধান্ত স্থগিত ৰাখিছিল।