VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

voicedesk by voicedesk
March 15, 2023
in আইন, মুখ্য সংবাদ, ৰাজনীতি
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক লৈ এইবাৰ আদালতৰ ওচৰত জৱাবদিহী হৈছে ৰাজ্য চৰকাৰ৷ দুদিন পূৰ্বে বিশ্বনাথ জিলা বিলুপ্তিকৰণক লৈ চৰকাৰলৈ জাননী জাৰি কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি হোজাই জিলা বিলুপ্তিকৰণৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ৷ জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (পি আই এল) দাখিল কৰিছিল৷

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে অসম চৰকাৰে যোৱা ৩১ ডিচেম্বৰৰ নিশা হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ তাৰ পূৰ্বে ২৭ ডিচেম্বৰৰ দিনা ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি কৰি লগতে এইবুলি কৈছিল যে ১ জানুৱাৰীৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱালৈকে চৰকাৰে অসমৰ কোনো প্ৰশাসনীয় এলেকাৰ সালসলনি কৰিব নোৱাৰিব৷ নিৰ্বাচন আয়োগৰ উক্ত জাননীৰ পিছতে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক ততাতৈয়াকৈ নতুন দিল্লীলৈ মাতি নি কেবিনেট বৈঠক অনুষ্ঠিত কৰে আৰু উক্ত কেবিনেট বৈঠকতে চাৰিখন জিলা বিলুপ্তিৰ তড়িত সিদ্ধান্ত গ্ৰহণ কৰে৷

ৰাজ্য চৰকাৰে এনেদৰে কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক স্বেচ্ছাচাৰী আৰু অবৈধ বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সঞ্জু বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন সুকীয়া পি আই এল দাখিল কৰিছিল৷ সঞ্জু বৰাই বিশ্বনাথ জিলা বিলুপ্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে জিয়াউৰ ৰহমানে হোজাই জিলা বিলুপ্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায়৷ দুদিন পূৰ্বে আদালতে সঞ্জু বৰাৰ পি আই এলখন বিচাৰৰ বাবে গ্ৰহণ কৰাৰ পিছত আজি মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা আৰু ন্যায়াধীশ কাৰ্ডাক ইটেৰ খণ্ড বিচাৰপীঠে জিয়াউৰ ৰহমানৰ পি আই এলখন (পি আই এল নং ২৬/২০২৩) গ্ৰহণ কৰি চৰকাৰলৈ জাননী জাৰি কৰে৷ আদালতে চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে৷

আজি এই সন্দৰ্ভত গোচৰকৰ্তা জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ কয়, “জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্ত একপক্ষীয়, স্বেচ্চাচাৰী আৰু অবৈধ৷ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে – যিটো কাম আচলতে চৰকাৰে কৰিব নোৱাৰে৷ সেয়ে আমি আশা কৰিছো যে আদালতে চৰকাৰৰ সিদ্ধান্তক অবৈধ ঘোষণা কৰিব৷ তেতিয়াহে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক নিজৰ মতে পৰিচালিত কৰিবলৈ চৰকাৰপক্ষই চলাই অহা ষড়যন্ত্ৰ প্ৰতিহত হ’ব৷”

Previous Post

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামত বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন

Next Post

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
Next Post
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7