উত্তৰ-পূর্ব দিল্লীত সংঘটিত সংঘর্ষক লৈ ৰুজু হোৱা এটা গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী আৰু দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কেইবাজনো ৰাজনৈতিক নেতালৈ জাননী জাৰি কৰিছে ৷ ২০২০ চনত উত্তৰ-পূব দিল্লীত সংঘর্ষৰ পূৰ্বে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিয়াৰ প্ৰার্থনাৰে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই জাননী জাৰি কৰিছে ৷ জাননী জাৰি কৰা আন সকল নেতাৰ ভিতৰত আছে আপ নেতা মনীষ চিছোদিয়া আৰু আমানতুল্লা খান, এআইএমআইএম নেতা ৱাৰিছ পাঠান আৰু আকবৰুদ্দিন ওৱাইচি, মেহমুদ প্ৰাচা, হৰ্ষ মন্দৰ আৰু অভিনেতা ছাৰা ভাস্কৰ।আৱেদনখনৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈয়ো নির্দেশ দিবলৈ প্ৰার্থনা জনোৱা হৈছে । আন এখন আৱেদনৰ শুনানি গ্ৰহন কৰি ন্যায়ালয়ে বিজেপি নেতা কপিল মিশ্ৰ, অনুৰাগ ঠাকুৰ, পৰবেশ বাৰ্মা আৰু অভয় বাৰ্মাকো জাননী জাৰি কৰা হৈছে ৷