দুর্নীতি নিবাৰক শাখাৰ বিৰুদ্ধে ভৎসর্ণামূলক মন্তব্য কৰাৰ বাবেই ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে কর্ণাটকৰ এজন ন্যায়াধীশ ৷ কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এইচ পি সন্দেশে সোমবাৰে প্ৰকাশ কৰা অনুসৰি দুৰ্নীতি নিবাৰক শাখাৰ বিৰুদ্ধে কৰা মন্তব্যৰ পিছতে তেওঁক বদলিৰ ভাবুকি দিয়া হৈছে ৷ তেওঁ লগতে কয় যে এনে ভাবুকিৰ বাবে তেওঁ অস্থিৰ হৈ পৰিছে ৷ যোৱা সপ্তাহত বেংগালুৰু চহৰৰ উপ আয়ুক্তৰ কাৰ্যালয়ত ডেপুটি তহচিলদাৰ পি এছ মহেশৰ জামিন আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ সন্দেশে দুর্নীতি নিবাৰকক কঠোৰ ভাষাৰে সমালোচনা কৰি কৈছিল যে দুর্নীতি নিবাৰক শাখা ধন সংগ্ৰহ কৰা এটা কেন্দ্ৰলৈ পৰিণত হৈছে ৷
ন্যায়াধীশ সন্দেশে ২৯ জুনত অনুষ্ঠিত শুনানিত দুর্নীতি নিবাৰকক ধন সংগ্ৰহ কেন্দ্ৰ বুলি অভিহিত কৰাৰ লগতে ইয়াৰ এডিজিপি এজন দুর্নীতিগ্ৰস্ত বিষয়া বুলি মন্তব্য কৰিছিল ৷ লগতে আদালতে ২০১৬ চনৰ পৰা দুর্নীতি নিবাৰকে ‘বি’ প্ৰতিবেদন দাখিল কৰা সকলো গোচৰৰ সবিশেষ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ পুনৰ যেতিয়া গোচৰটোৰ শুনানি অনুষ্ঠিত হয়, ন্যায়াধীশ সন্দেশে কয়, “মই জনসাধাৰণৰ মংগলৰ বাবে সাজু । আপোনালোকৰ এ চি পি –এ ডি জি পি শক্তিশালী ব্যক্তি যেন লাগে। কোনোবাই মোৰ সহকৰ্মীক এই কথা কৈছে। মোক অৱগত কৰা হৈছে। বদলিৰ ভাবুকি আদেশত লিপিবদ্ধ কৰা হ’ব।”
ন্যায়াধীশগৰাকীয়ে আৰু কয় যে তেওঁ ভাবুকিৰ প্ৰতি ভয় নকৰে।তেওঁ কয় -“মই কাকো ভয় নকৰো। মেকুৰীৰ ডিঙিত টিলিঙা আৰিবলৈ মই সাজু। বিচাৰক হোৱাৰ পিছতো মই সম্পত্তি আহৰণ কৰা নাই। পদটো হেৰুৱালেও মোৰ কোনো চিন্তা নাই। মই এজন কৃষকৰ ল’ৰা। মই খেতি কৰিবলৈ সাজু।মই কোনো ৰাজনৈতিক দলৰ নহয়।মই কোনো ৰাজনৈতিক মতাদৰ্শ মানি চলা নাই।’