এদিন তেওঁ এখন বাল্যবিবাহৰ বিৰোধিতা কৰিছিল। বিবাহখন বন্ধও কৰিছিল। তেওঁৰ এই কাৰ্যই এটা বিশেষ শ্ৰেণীৰ পুৰুষসকলৰ অহংকাৰত আঘাত সানিছিল। তাৰে প্ৰতিশোধ লবলৈ গৈ ভানোৱাৰী দেৱীক গণধৰ্ষণ কৰা হৈছিল। ১৯৯২ চনৰ ঘটনা আছিল এইয়া। ন্যায় বিচাৰি হাহাকাৰ কৰিছিল।ভানোৱাৰী দেৱীয়ে। সকলো দুৱাৰ বন্ধ কৰি দিয়া হৈছিল তেওঁৰ বাবে!
এই ঘটনাই ৰাজস্থানৰ লগতে সমগ্ৰ ভাৰতকে জোঁকাৰি গৈছিল।বহুমহিলা আৰু বেচৰকাৰী সংস্থা আগবাঢ়ি আহিছিল ভানোৱাৰী দেৱীৰ বাবে। ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল মহামান্য উচ্চতম ন্যায়ালয়ত। অৱশেষত ১৯৯৭ চনত (Vishaka vs State of Rajasthan AIR SC 1997) Vishaka Guideline প্ৰণয়ন কৰা হৈছিল। এই Vishakha Guideline ৰ ওপৰত ভিত্তি কৰিয়েই “The Sexual Harassment of Women at Workplace(Prevention,Prohibition and Redressal)Act,2013” চমুকৈ POSH Act প্ৰণয়ন কৰা হয়।
এই আইনে এটা কথা নিশ্চিত কৰিছে যে মহিলাৰ বিপক্ষে কমস্থলীত এজন পুৰুষে বা কোনো লোকেই অশালীন মন্তব্য কৰিব নোৱাৰিব। শাৰিৰীক, মানসিক, মৌখিক অথবা প্ৰতীকী ভাৱেও যৌনগন্ধী যিকোনো আচৰণেকেই উক্ত আইনে অপৰাধ হিচাপে গণ্য কৰে।
ভানোৱাৰী দেৱীৰ শৰীৰৰ সোন্দৰ্যত মুগ্ধ হৈ তেওঁক ধৰ্ষণ কৰা হোৱা নাছিল। বৰঞ্চ তেওঁ কেৱল মহিলা হোৱা বাবেই যি নিজৰ বৃত্ত্বিগত দায়িত্ব পালন কৰিবলৈ যাওঁতে পুৰুষত্বৰ অহংকাৰত আঘাত দিছিল, যাৰ বাবে তেওঁ নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল।
আমাৰ সমাজ ব্যৱস্থাত আজিও হাজাৰজনী ভানোৱাৰী দেৱী আছে যাক শাৰীৰিক ভাৱে নহলেও মানসিকভাৱে প্ৰতিদিনে ধৰ্ষণ কৰা হয়।
“তাইৰ প্ৰম’ছন ক’ত হ’ল হেতেন? বছৰ লগত ‘ভাল’ বাবেহে”!
“সদায় অফিছৰ পৰা তাৰ গাড়ীতেই আহে, নিশ্চয় কিবা সম্পৰ্ক আছে”
“মহিলা হৈ মোক উপদেশ/আদেশ দিয়। বছ হ’ল বুলিয়েই মহিলাৰ তলত কাম কৰিমনে?”
“তোমাক যি সুবিধা লাগে সকলো দিম, মাত্ৰ মই বিচৰাবোৰ দিবা”।
মহিলা গৰাকীয়ে অশান্তি পালেও, মানা কৰিলেও আমি এনে মন্তব্য কৰিয়েই থাকো। কৰ্মস্থলীৰ বাতাবৰণক কাম কৰাৰ অনুপযোগী কৰি পেলাঁও। সহকৰ্মী বা জ্যেষ্ঠ্ জনক কেৱল মহিলা হোৱাৰ বাবে পৰ্যাপ্ত সন্মান দিয়াৰ পৰিৱৰ্তে চৰিত্ৰক লৈ মন্তব্য কঁৰো। পৰচৰ্চা কঁৰো আৰু আৰু আনৰ চৰিত্ৰৰ ওপৰত মন্তব্য দি ফুৰোঁ।
কৰ্মস্থলীৰ এনেবোৰ কাৰ্যক অপৰাধ বুলি কোৱা হয় আৰু ই আইনমতে দণ্ডনীয়।
উচ্চতম ন্যায়ালয়ে প্ৰতিটো চৰকাৰী আৰু বে চৰকাৰী প্ৰতিষ্ঠানত Internal complaint committee (ICC) গঠন কৰাটো বাধ্যতামূলক বুলি কৈছে। ICC য়ে এনে অপৰাধৰ গোচৰ সমূহ বিচাৰ কৰে আৰু শাস্তি প্ৰদান কৰে।
কেৱৰ কৰ্মস্থলীতেই নহয়, বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত আমি হঠাতে কোনোবা মহিলাৰ বিপক্ষে সাজ পোছাকক লৈ বা চৰিত্ৰক লৈ যিকোনো অশালীন মন্তব্য কৰিবলৈ সংকোচ নকৰো! মহিলাগৰাকীৰ মৰ্যদা বা Dignity ক আঘাত কৰিবলৈ আমি এখন্তেকো অপেক্ষা নকৰো। নিজৰ ইগ’ সন্তুষ্ট কৰিবলৈ মহিলাক বিশেষকৈ জীৱনত সফল হিচাপে পৰিচিত সকলো ক্ষেত্ৰতে স্ব- নিভৰ্ৰশীল মহিলাকসকলক আমি বেছিকৈ টাৰ্গেট কঁৰো।
কোনো আড্ডা, সামাজিক মাধ্যম বা যিকোনো কথোপকথনত কাৰোবাৰ চৰিত্ৰ কেতিয়াও আলোচনাৰ বিষয়হ’ব নালাগে।
মহিলাৰ চৰিত আক্ৰমণ কৰা মানুহবোৰ সমাজৰ বাবে ক্ষতিকাৰক। লগতে এনে কাৰ্যই এখন ৰক্ষণশীল শোষণকাৰী সমাজৰ পৰিচয় দিয়ে।