প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অহা দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচীলৈ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছ, তৃণমূল, বাওঁপন্থীকে ধৰি মুঠ ১৯টা বিৰোধী দলেও যৌথ বিবৃতি প্ৰকাশ কৰি সংসদ ভৱন উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে।
এনে পৰিস্থিতিত বুধবাৰে ঝাৰখণ্ডৰ ৰাচীত উচ্চ ন্যায়ালয়ৰ নতুন ভৱন উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছ হৈছে ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ দ্বিতীয় বৃহত্তম দল। তাত ন্যায়িক নিৰ্দেশ সঠিকভাৱে পালন কৰা হৈছে নে নাই সেই সন্দৰ্ভত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কয়।
ৰাচীত অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে কয়, ‘উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালৰ লগতে বহু জ্যেষ্ঠ ন্যায়াধীশ ইয়াত উপস্থিত থাকে। মই তেওঁলোকক অনুৰোধ কৰিম যাতে মানুহে প্ৰকৃত অৰ্থত ন্যায় পায়।” এই উপলক্ষে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএম নেতা হেমন্ত সোৰেনো উপস্থিত থাকে। দেশৰ প্ৰথম অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰপতিলৈ জনজাতি নেতা হেমন্ত সোৰেনৰ অনুৰোধ—” ন্যায়পালিকাৰ উচ্চতম পৰ্যায়তো জনজাতিৰ বাবে যাতে সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ৷“