চকু শৰীৰৰ অন্যতম সংবেদনশীল অংশ। আৰু সকলো চাপ চকুৰ ওপৰত পৰে। অফিচত বহু সময় লেপটপ স্ক্ৰীণলৈ চাই থকা, সঘনাই জুম মিটিং কৰা, সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰা, ঘৰলৈ উভতি অহাৰ পিছতো ৱেব চিৰিজ চোৱা – এই সকলোবোৰ কার্যৰ কুফল পৰে চকুত।
চিকিৎসকে যেনেকৈ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ব্যায়াম কৰিবলৈ পৰামর্শ দিয়ে ঠিক তেনেকৈ চকুৰ বাবে সুকীয়াকৈ যত্ন লোৱাটো প্ৰয়োজনীয় বুলিও তেওঁলোকে কয়। চকুক সুস্থ কৰি ৰাখিবলৈ কামৰ সময়ত চকুকো জিৰণিৰ প্ৰয়োজন। কেতিয়াবা চকুত ঠাণ্ডা পানী ছটিয়াই দিয়াটো গুৰুত্বপূৰ্ণ। অৱশ্যে কিছুমান সাধাৰণ শাৰীৰিক ব্যায়াম আৰু যোগাসনৰ ওপৰত নিৰ্ভৰ কৰি চকুৰ বিষ, অনবৰতে পানী ওলাই থকা আদি কিছুমান সমস্যা সমাধান কৰিব পাৰি ৷ চকুৰ দৃষ্টিশক্তিও ভাল হয় ।
১. হাতৰ তলুৱা ব্যৱহাৰ: হাতৰ তলুৱা কিছু সময় ঘঁহি গৰম কৰক। ঘৰ্ষণৰ ফলত হাতৰ তলুৱাত তাপৰ সৃষ্টি হয়। এইবাৰ চকু দুটা মুদি চকুৰ ওপৰত হাত ৰাখক। চাপ নিদিব ৷ চকুত লাহে লাহে গৰম তলুৱা লগাব। এইদৰে ১০ৰ পৰা ১৫ বাৰ অবিৰতভাৱে কৰক। কামৰ মাজতে আপুনি এই সহজ ব্যায়ামটো কৰিব পাৰে ৷ চকু দুটাই আৰাম পাব ৷
২. চকু ঘুৰাওক: চকুক সুস্থ কৰি ৰখাৰ বাবে চকুৰ মণি ঘুৰুওৱা এক অতি ফলপ্ৰসূ ব্যায়াম। চকুৰ মণি এবাৰ ঘড়ীৰ কাঁটাৰ দিশত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ১০ বাৰ ঘূৰাব। ইয়াৰ পিছত কেইমিনিটমান চকু মুদি ৰাখক। এই ব্যায়াম দিনটোত দুবাৰকৈ কৰিবলৈ চেষ্টা কৰক। চকুৰ পেশীৰ শক্তি বৃদ্ধিৰ বাবে এই অভ্যাস অতি উপযোগী।
৩. সঘনাই চকুৰ পতা জপাওক : প্ৰতি ৩-৪ ছেকেণ্ডত ১০ বাৰ চকু টিপিয়াই দিয়াৰ অভ্যাসে, চকুৰ বহু সমস্যাৰ পৰা উপশম দিয়ে। চকুৰ বাবে এই ব্যায়ামটো মাজে মাজে কৰাটো ভাল, বিশেষকৈ যদি আপুনি কম্পিউটাৰটো অনবৰতে চাই থাকে ৷ চকুৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এক মিনিটৰ বাবে সঘনাই চকুৰ পতা বন্ধ কৰি ৰাখক। দেখিব যথেষ্ট আৰাম অনুভৱ কৰিছে ৷
৪. ইফালে সিফালে চোৱা : এটা ঠাইত থিয় হৈ বহি প্ৰথমে পোনে পোনে আগলৈ চাওক। বাওঁফালে আৰু সোঁফালে সমান দূৰত্বত থকা বস্তু এটালৈ বাৰে বাৰে চাওক। কেইমিনিটমান সময় লওক। অলপ সময় জিৰণি লৈ আকৌ কৰক। চকুৰ পেশীৰ ৰক্তসঞ্চালন ভালদৰে ৰখাত এই ব্যায়াম অতি উপকাৰী।