উচচতম ন্যায়ালয়ে উৎকোচ গোচৰত সাংসদ হিচাপে মহুৱা মৈত্ৰক বৰ্খাস্ত কৰাৰ গোচৰত লোকসভা সচিবালয়লৈ জাননী জাৰি কৰিছে।এই জাননীৰ উত্তৰ দিবলৈ সচিবালয়ক দুসপ্তাহৰ সময় দিয়া হৈছে। ১১ মাৰ্চত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।
বুধবাৰে উচ্চতম ন্যায়ালয়ৰ এই আদেশ এক্স হেণ্ডেলত পোষ্ট কৰে মহুৱাই। উৎকোচক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। লোকসভাৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কৃষ্ণনগৰৰ তৃণমূলৰ সাংসদগৰাকী ৷ সেই গোচৰত বুধবাৰে উচ্চতম ন্যায়ালয়ে লোকসভা সচিবালয়লৈ জাননী জাৰি কৰে। অহা দুসপ্তাহৰ ভিতৰত সচিবালয়ে এই সন্দৰ্ভত ব্যাখ্যা দিব লাগিব বুলি কোৱা হৈছে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে বুধবাৰে শুনানি গ্ৰহণ কৰে গোচৰটোৰ । মাহুৱাৰ হৈ তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে আদালতত যুক্তি প্ৰদর্শন কৰে ৷