মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি সমদল কৰা ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উচ্চতম ন্যায়ালয়ে আজি মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা ভিডিঅ’ক গৰিহণা দি কয় যে এই দৃশ্যসমূহে সাংবিধানিক ব্যৰ্থতাৰ দিশটো স্পষ্ট কৰি দিছে ৷ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিছে ৷ লগতে অঞ্চলটোৰ মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আদালতক অৱগত কৰিবলৈ নির্দেশ দিছে ৷
ডি ৱাই চন্দ্ৰচুড়ে কয় “কালি প্ৰচাৰ কৰা ভিডিঅ’ক লৈ আমি অতি গভীৰভাৱে বিচলিত হৈছো।আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো।চৰকাৰে পদক্ষেপ লোৱা আৰু ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে।এয়া গ্ৰহণযোগ্য নহয়।“ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আদালতে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰক সকীয়াই দিছে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় –“ আমাৰ মতে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আদালতক অৱগত কৰিব লাগিব যাতে অপৰাধীসকলক এনে হিংসাৰ বাবে গোচৰ ৰুজু কৰা হয়।“
উল্লেখ্য যে ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ খিলঞ্জীয়া জনজাতি নেতা মঞ্চৰ এক বিবৃতিত কোৱা হৈছে যে যোৱা ৪ মে’ত ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ কাংপকপি জিলাত সংঘটিত হৈছিল এই ঘটনা।
এই ভয়ংকৰ ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ এদিন পিছতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক। সেউজীয়া টি-চাৰ্ট পিন্ধা দেখা পোৱা ভিডিঅ’টোৰ সহায়ত থৌবাল জিলাৰ পৰা হেৰাডাছ (৩২) নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
মণিপুৰত প্ৰথমবাৰৰ বাবে ৩ মে’ত ‘জনজাতি সংহতি মাৰ্চ’ৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ ফলত মেইটেই জনগোষ্ঠীয়ে অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা লাভ কৰাৰ দাবীৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে কুকি জনগোষ্ঠীয়ে। জনগোষ্ঠীয় হিংসাত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈ এতিয়া সাহায্য শিবিৰত বসবাস কৰি আছে।