উচ্চতম ন্যায়ালয়ে উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ ‘সমগ্ৰ পৰিয়াল’ক জেড প্লাছৰ নিৰাপত্তা প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে। শীর্ষ আদালতে কয় যে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যই ভাৰতত অথবা বিদেশত থাকিলে জেড প্লাছৰ নিৰাপত্তা লাভ কৰিব৷ কিন্তু তাৰ বাবে তেওঁলোকে ধন দিব লাগিব।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক অধিসূচনাত জনোৱা হৈছিল যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলেও জেড প্লাছ কেটেগৰী নিৰাপত্তা লাভ কৰিব। ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল মুকেশ আম্বানীকহে জেড প্লাছ কেটেগৰী নিৰাপত্তা দিছিল। ২০২০ চনত মোদী চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই জনস্বাৰ্থৰ গোচৰ ৰুজু হৈছিল যদিও উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। ৰায়দানত কোৱা হৈছে যে যিসকলৰ জীৱন সন্দেহত পৰিছে আৰু যিসকলৰ নিৰাপত্তাৰ সামৰ্থ্য আছে তেওঁলোকক জেড প্লাছৰ নিৰাপত্তা প্ৰদান কৰিব লাগে।
প্ৰসংগক্ৰমে ২০১৩ চনত মাওবাদীয়ে ছত্তীশগড়ৰ দৰবা উপত্যকাৰ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক আক্ৰমণ কৰিছিল। এই আক্ৰমণত নিহত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিদ্যাচৰণ শুক্লা, ছত্তীশগড়ৰ প্ৰাক্তন বিৰোধী নেতা মহেন্দ্ৰ কৰ্ম, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নন্দকুমাৰ পেটেল। সেই ঘটনাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক নেতা আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ জীৱনৰ বিপদ আৰু তেওঁলোকৰ বাবে কি নিৰাপত্তা উপলব্ধ সেই বিষয়ে জৰীপ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত চোৰাংচোৱা প্ৰতিবেদনত ‘প্ৰাণৰ আশংকা”’ থকা গণ্যমান্য ব্যক্তিসকলৰ বাবে নিৰাপত্তা বৃদ্ধি কৰা হয়।
প্ৰসংগক্ৰমে ২০২২ চনৰ আগষ্ট মাহত মুম্বাইৰ বাৰিবালি পশ্চিম অঞ্চলৰ পৰা আম্বানী আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দি এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২১ চনত মুকেশৰ বাসগৃহ এন্টিলিয়াৰ ওচৰত এখন বিস্ফোৰক ভৰ্তি বাহন ৰখাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। ইয়াৰ পিছত কেন্দ্ৰই শীঘ্ৰে সমগ্ৰ আম্বানী পৰিয়ালক জেড প্লাছৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লয়।