পুনৰ দেশৰ এটর্নী জেনেৰেল হোৱাৰ সম্ভাৱনা আছে জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটগীৰ ৷ এক সূত্ৰই জনোৱা মতে বৰ্তমানৰ এটর্নী জেনেৰেল কে কে বেণুগোপালৰ উত্তৰাধিকাৰী বিচাৰি ফুৰা চৰকাৰে অৱশেষত সাংবিধানিক পদটোৰ বাবে ৰোহটগীক মনোনীত কৰিছে ৷ সূত্ৰটোৱে জনোৱা মতে, বেণুগোপালে চৰকাৰক তেওঁ আৰু এই দায়িত্বত থাকিব নিবিচাৰে বুলি অৱগত কৰিছে ।
ৰোহটগীৰ পিছত ২০১৭ চনৰ জুলাই মাহত বেণুগোপালে তিনি বছৰ ধৰি পঞ্চদশ এটর্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনত যেতিয়া তেওঁৰ তিনি বছৰীয়া কাৰ্যকালৰ অন্ত পৰিল, তেতিয়া ৯১ বছৰীয়া বেণুগোপালে তেওঁৰ বয়স বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁক এই দায়িত্বৰ পৰা মুক্ত কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁক আৰু এটা কাৰ্যকালৰ বাবে শীৰ্ষ পদবীটোত থাকিবলৈ অনুৰোধ জনায় ৷ বেনুনুগোপালে চৰকাৰৰ আহ্বানলৈ সন্মতি প্ৰকাশ কৰে যদিও তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰাত এবছৰলৈ বাধা আৰোপ কৰে।
নিযুক্তি লাভ কৰিলে ৰোহাটগীৰ এটর্নী জেনেৰেল হিচাপে এয়া দ্বিতীয়টো কাৰ্যকাল হ’ব। ইয়াৰ পূৰ্বে ২০১৪ চনৰ জুন মাহৰ পৰা ২০১৭ চনৰ জুন মাহলৈকে তেওঁ এটর্নী জেনেৰেল আছিল। সাংবিধানিক পদত এটর্নী জেনেৰেল হৈছে দেশৰ শীৰ্ষ আইনী বিষয়া।