পেগাছাছ নামৰ স্পাইৱেৰ ছফটৱেৰৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা কৰা বুলি উত্থাপিত অভিযোগৰ গোচৰৰ তদন্তত চৰকাৰে সহযোগিতা কৰা নাছিল বুলি উচ্চতম ন্যায়ালয়ৰ নিযুক্ত কমিটীক ৷ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে কমিটীখনে । মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তিনিটা অংশ থকা কমিটীৰ প্ৰতিবেদন অধ্যয়ন কৰাৰ পাছত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পেগাছাছ স্পাইৱেৰ গোচৰৰ শুনানি আৰম্ভ কৰে। ন্যায়াধীশ ৰমনাই কয়, “পেগাছাছ কমিটীৰ প্ৰতিবেদনৰ কিছু অংশ গোপনীয় আৰু ইয়াত ব্যক্তিগত তথ্যও থাকিব পাৰে ৷ কাৰিকৰী সমিতিৰ প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ কমিটীয়ে পৰামর্শ প্ৰদান কৰিছে ৷”
পেগাছাছ কমিটীয়ে ২৯টা ফোন স্কেন কৰিছিল ৷ পাঁচটা ফোনত কিছুমান মেলৱেৰ পোৱা গৈছিল যদিও ইয়াক পেগাছাছ বুলি ক’বলৈ যথেষ্ট প্ৰমাণ নহয় ৷
উচ্চতম ন্যায়ালয়ে কয় যে তেওঁলোকে পেগাছাছ কমিটীৰ প্ৰতিবেদনৰ সেই অংশসমূহ নির্ধাৰণ কৰিব যিসমূহ ৰাজহুৱা কৰিব পৰা যাব ৷ গোচৰটো চাৰি সপ্তাহৰ বাবে স্থগিত ৰখা হৈছে ৷