অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দিনক দিনে বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম ৷ যিকোনো ৰোগৰ উপশম বিচাৰি চিকিৎসকৰ পৰামর্শ গ্ৰহণ কৰাৰ সময়ত দীঘলীয়া প্ৰেচক্ৰিপচনে হয়তো আপোনাকো জুৰুলা কৰি আহিছে ৷ প্ৰেচক্ৰিপচনত চিকিৎসকে জেনেটিক দৰৱৰ নাম লিখিব লাগে যদিও বহু চিকিৎসকে বিভিন্ন ব্ৰেণ্ডৰ দৰৱৰ নামহে লিখা পৰিলক্ষিত হয় ৷ এনেদৰে নিদির্ষ্ট ব্ৰেণ্ডৰ ঔষধৰ নাম লিখাৰ বাবে চিকিৎসকসকলে নির্দিষ্ট প্ৰতিষ্ঠানৰ পৰা লাভ কৰি আহিছে দামী উপহাৰ ৷ এনেদৰে চিকিৎসকে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা দামী উপহাৰ লাভ কৰাৰ প্ৰসংগ এইবাৰ উত্থাপিত হৈছে দেশৰ সর্বোচ্চ ন্যায়ালয়ত ৷ এই সন্দর্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানিৰ সময়ত ঔষধৰ নাম লিখি চিকিৎসকে দামী উপহাৰ লাভ কৰা বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে গভীৰ শংকা প্ৰকাশ কৰে ৷ লগতে নিজৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে চিকিৎসকক প্ৰদান কৰা উপহাৰৰ সামগ্ৰীৰ ক্ষেত্ৰত ঔষধ নির্মাতা প্ৰতিষ্ঠানসমূহে কোনোধৰণৰ কৰ ৰেহাই নাপাব বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ পৰিৱর্তে চিকিৎসকক উপহাৰ দিয়া সামগ্ৰী এতিয়াৰে পৰা ঔষধ প্ৰতিষ্ঠানসমূহৰ উপার্জন হিচাপে ধৰি আদায় দিব লাগিব কৰ ৷ নিজৰ উৎপাদিত ঔষধ লিখাৰ বাবে চিকিৎসকক প্ৰদান কৰা লেপটপ, আতিথ্য, এল চি ডি টিভি,ফ্ৰিজ,সোনৰ মুদ্ৰা,অদিৰ বাবে ব্যয় কৰা ৪.৭ কোটিৰ ওপৰত কৰৰ ৰেহাই বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এটা প্ৰতিষ্ঠান ৷ ন্যায়াধীশ উদয় ইউ ললিত আৰু এছ ৰবীন্দ্ৰ ভাটৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰে ৷ বিচাৰপীঠ খনে এই প্ৰসংগত কয় যে এইটো কেৱল কৰ ৰেহাইৰ ৰ বিষয় নহয় ,বৰঞ্চ এটা “অতি ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়” ৷ সোণৰ মুদ্ৰাৰ পৰা আৰম্ভ কৰি বিদেশ ভ্ৰমণ, ফ্ৰিজ , এলচিডি টিভি আদিৰ দৰে উপহাৰৰ লোভত চিকিৎসকে নিজৰ প্ৰেচক্ৰিপচনত অনিয়ম কৰি নির্দিষ্ট প্ৰতিষ্ঠানৰ ঔষধ লিখিবলৈ মন কৰিব পাৰে ৷
আইনী সুৰুঙাৰ বাবে চিকিৎসকসকলক বিনামূলীয়া আৰু ব্যয়বহুল উপহাৰ দিয়াৰ দৰে অপৰাধ কৰিবলৈ ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানসমূহক সদায় সুযোগ দিব নোৱাৰি বুলিও মতপোষন কৰে ন্যায়ালয়ে ৷ বিচাৰপীঠখনে কয় “এনেদৰে দিয়া উপহাৰ কাৰিকৰীভাৱে বিনামূলীয়া বুলি ক’ব পৰা নাযায় ৷ কিয়নো এনে বিনামূলীয়া সামগ্ৰী যোগান ধৰাৰ ব্যয় সাধাৰণতে ঔষধৰ ওপৰত জাপি দিয়া হয় ৷ যাৰ ফলত ঔষধৰ মূল্য বৃদ্ধি হয় ৷ ইয়াৰ দ্বাৰা সমাজক ক্ষতি কৰিব পৰা এটা চক্ৰৰ সৃষ্টি হৈ আহিছে ৷’ ন্যায়ালয়ে লগতে কয় যে চিকিৎসকসকলৰ ওপৰত আস্থা প্ৰকাশ কৰিয়েই ৰোগীসকলে নিজৰ সাধ্যৰ উর্ধত গৈ হ’লেও ঔষধ ক্ৰয় কৰি আহিছে ৷আইনৰ অধীনত চিকিৎসকসকলক উপহাৰ গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ সময়ত ফাৰ্মা কোম্পানীসমূহে উপহাৰ প্ৰদানত কোনো বাধা নাই বুলি তেওঁলোক হাত সাৰি আহিছে বুলিও বিচাৰপীঠখনে মন্তব্য কৰিছে ৷ ২০০২চনৰ ভাৰতীয় চিকিৎসা পৰিষদৰ (পেছাদাৰী আচৰণ, শিষ্টাচাৰ আৰু নৈতিকতা) নিয়মাৱলীৰ অধীনত উপহাৰ, ভ্ৰমণ সুবিধা, আতিথ্য, নগদ ধন আদি গ্ৰহণ কৰিলে এজন চিকিৎসকৰ এবছৰলৈকে অনুশীলন কৰাৰ অধিকাৰ স্থগিত ৰখাৰ নিয়ম আছে ৷