মুক্তিৰ দহ দিনৰ পাছত কংগ্ৰেছে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষীক মুকলি কৰি দিয়াৰ নির্দেশনাক প্ৰত্যাহ্বান জনাই নতুনকৈ পুনৰীক্ষণ আবেদন দাখিল কৰিব ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছে হত্যাকাৰীক মুকলি দিয়া কার্য “দুৰ্ভাগ্যজনক” আৰু “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে ৷
তামিলনাডুৰ এগৰাকী মহিলাকে ধৰি ছয়জন লোকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত কেন্দ্ৰই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰি এই গোচৰটোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে ৷ এই সিদ্ধান্তৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু কংগ্ৰেছ একে পক্ষত আছে।
কেন্দ্ৰই দাবী কৰে যে দোষীসকলৰ মুক্তিৰ ক্ষেত্ৰত গোচৰটোৰ পৰ্যাপ্ত শুনানি গ্ৰহণ কৰা হোৱা নাছিল ৷ ৰাজীৱ গান্ধীৰ পত্নী তথা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে চাৰিজন দোষীৰ মৃত্যুদণ্ড হ্ৰাস কৰাটো সমৰ্থন কৰিছিল। তেওঁলোকৰ কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও এজন অভিযুক্তক লগ কৰি ক্ষমা কৰি দিছিল। কিন্তু দলীয় নেতৃত্বই গান্ধীৰ লগত মতানৈক্য প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।উচচতম ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্ত কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য আৰু সম্পূৰ্ণ ভুল বুলি মন্তব্য কৰিছিল।
১৯৯১ চনৰ মে’ মাহত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে ৰাজীৱ গান্ধীক আত্মঘাতী বোমাৰুৱে হত্যা কৰিছিল।এই গোচৰত ৭ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।আদালতে কয় যে কয়দীসকলৰ ভাল আচৰণ আৰু মে’ মাহত এই গোচৰত দোষী সাব্যস্ত হোৱা আন এজন ব্যক্তি এ জি পেৰাৰিভালানক মুকলি কৰি দিয়াৰ পাছত তাৰ ভিত্তি কৰিয়েই আন দোষীসকলক মোকলাই দিয়া হৈছে ৷