দিব্যজ্যোতি শৰ্মা
ভাৰতবৰ্ষৰ সংসদীয় ইতিহাসৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে ২০০৫ চনত তথ্যৰ অধিকাৰ আইনখন (The Right to Information Act, 2005) প্ৰণয়ন কৰা হৈছিল। ইয়াৰ আগতে তথ্যৰ স্বাধীনতা আইন, ২০০২ (Freedom of Information Act, 2002) নামেৰে অন্য এখন আইন বলৱৎ হৈ আছিল যদিও এইখন আইনত থকা জটিলতা বা শিথিলতাসমূহ দূৰ কৰি নাগৰিকক চৰকাৰী তথ্য উপলব্ধ কৰোৱাৰ এক আহিলা হিচাপে নতুন আইনখন বলৱৎ কৰা হয়।
এই নতুন আইনখন সংসদত ২০০৫ চনৰ জুন মাহত গৃহীত হোৱাৰ পিছত একে বছৰৰে অক্টোবৰ মাহৰ পৰা এই আইনখন কাৰ্যকৰী হৈছিল। এই আইনৰ প্ৰধান উদ্দেশ্য হ’ল চৰকাৰী প্ৰতিস্থানত কাৰ্যসম্পাদনৰ ক্ষেত্ৰত স্বচ্ছতা অনা আৰু চৰকাৰী কাৰ্যালয়ৰ কাৰ্যসম্পাদনৰ ব্যাৱস্থাটোৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা। পূৰ্বতে চৰকাৰী গোপনীয়তা আইন, ১৯২৩( Official Secrets Act, 1923) ৰ অধীনত চৰকাৰী কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ তথ্য গোপনীয়তাৰ খাতিৰত সাধাৰণ ৰাইজৰ বাবে ৰাজহুৱা কৰা নহৈছিল।
তথ্যৰ অধিকাৰ আইনে বিশেষ কিছুমান প্ৰতিস্থানৰ বিশেষ কিছুমান তথ্যক বাদ দি বাকীবোৰ তথ্য একোখন আবেদন আৰু নূন্যতম মাচুলৰ বিনিময়ত ৰাইজক বিভিন্ন ধৰনে প্ৰদান কৰাৰ দিহা কৰিছে। এই আইনৰ ২(h) ধাৰা মতে কি কি প্ৰতিস্থান এই আইনৰ আওতালৈ আহিব অৰ্থাৎ কেনেধৰনৰ প্ৰতিস্থানে এই আইনৰ অধীনত তথ্য যোগান ধৰিবলৈ বাধ্য সেই কথা সংজ্ঞাবদ্ধ কৰা হৈছে । ২(h) ধাৰা মতে এই আইনৰ অধীনত সেই সমূহ প্ৰাধিকাৰীক ৰাজহুৱা প্ৰাধিকাৰী (Public Authority) হিচাপে গণ্য কৰা হ’ব-
ক) যি সমূহ প্ৰাধিকাৰী সংবিধানৰ দ্বাৰা বা সংবিধানৰ অধীনত স্থাপন কৰা হৈছে ।
খ) যি সমূহ প্ৰাধিকাৰী ভাৰতৰ সংসদে প্ৰনয়ন কৰা অন্য আইনৰ অধীনত স্থাপন কৰা হৈছে ।
গ) যি সমূহ প্ৰাধিকাৰী ৰাজ্যিক বিধানমণ্ডলৰ আইনৰ দ্বাৰা প্ৰতিস্থা কৰা হৈছে ।
ঘ) যি সমূহ প্ৰাধিকাৰী উপযুক্ত চৰকাৰৰ নিৰ্দেশনা বা আদেশ পত্ৰৰ অধীনত প্ৰতিস্থা কৰা হৈছে ।
ইয়াৰ ভিতৰত তলত উল্লেখ কৰা প্ৰতিস্থানসমূহো ৰাজহুৱা প্ৰাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হয়-
ক) চৰকাৰৰ দ্বাৰা আহৰিত, নিয়ন্ত্ৰিত বা আংশিক ভাবে বিত্তীয় সাহায্য প্ৰাপ্ত ।
খ) আংশিক ভাবে সাহায্যপ্ৰাপ্ত বেচৰকাৰী সংস্থা ।
ওপৰত উল্লেখ কৰা আৰু আইনত থকা সংজ্ঞাৰ পৰা এই কথা স্পষ্ট যে কোনবোৰ সংস্থা তথ্যৰ অধিকাৰ আইনৰ অন্তৰ্ভূক্ত হ’ব আৰু কোনবোৰ নহয়। তথাপিও সময়ে সময়ে এই লৈ বিতৰ্ক হয় আৰু বিতৰ্কই গৈ কেতিয়াবা এনে পৰ্যায় পাইগৈ যে সেয়া পুনৰ নিৰ্ধাৰণৰ বাবে আদালতৰ কাষ চাপিবলগীয়া হয়। সেই ঘটনা সংঘটিত হৈছিল ন্যায়পালিকাৰ ক্ষেত্ৰতো। যেতিয়া ন্যায়পালিকা তথ্যৰ অধিকাৰ আইনৰ আওতালৈ আহিব নে নাহে সেই লৈ বিতৰ্ক চলিল তেতিয়া সি পুনৰ গৈ আদালতৰ মজিয়া পালেগৈ।
এজন তথ্যৰ অধিকাৰ কৰ্মীয়ে দাখিল কৰা এখন আবেদনৰ পিছতে এই বিতৰ্ক আৰম্ভণি হ’ল আৰু সেয়া গৈ দিল্লী উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ। ২০১০ চনত দিল্লী উচ্চ ন্যায়ালয়ে এই প্ৰসংগত ৰায়দান কৰিলে যে ন্যায়পালিকা তথ্যৰ অধিকাৰ আইনৰ আওতাত আৰু সেয়েহে উচ্চন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ তথ্য জনসাধাৰণে এই আইনৰ অধীনত বিচাৰিব পাৰে।
দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ মহাসচীৱ আৰু কেন্দ্ৰীয় লোক তথ্য বিষয়াই দাখিল কৰা এখন পুনৰীক্ষণ আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে শেহতীয়া ভাবে ৰায়দান কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় তথ্যৰ অধিকাৰ আইনৰ আওতাত।
এই ৰায়ত উচ্চতম ন্যায়ালয়ে বহুকেইটা গুৰুত্বপূৰ্ণ অভিমত আগবঢ়াইছে। প্ৰথম কথা, উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক এই ৰায়ৰ যোগেদি ৰাজহুৱা প্ৰাধিকাৰী(Public Authority) হিচাপে ঘোষণা কৰিছে। দ্বিতীয়তে, দিল্লী উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত কোৱা “ন্যায়িক স্বাধীনতা ন্যায়াধীশ সকলৰ বাবে বিশেষ সুবিধা নহয় বৰং এয়া তেওঁলোকৰ এক দায়বদ্ধতাহে” বোলা কথাটো উচ্চতম ন্যায়ালয়ে সমৰ্থন জনায়।
তৃতীয়তে, এই ৰায়যোগে উচ্চতম ন্যায়ালয়ে লগতে এই কথাও কৈছে যে তথ্যৰ স্বাধীনতা বা প্ৰতিস্থানৰ স্বচ্ছতাৰ নামত তথ্য ৰাজহুৱা কৰাৰ সময়ত ন্যায়িক স্বাধীনতাৰ প্ৰসংগতো সম্পূৰ্ণ উলাই কৰিলেও নহ’ব আৰু ন্যায়পালিকাক স্বচ্ছতাৰ নামত ধ্বংস কৰিবলৈও দিব পৰা নাযায়। চতুৰ্থতে, উচ্চতম ন্যায়ালয়ে কৈছে যে তথ্যৰ অধিকাৰক নিৰীক্ষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা নাযায়।
লগতে উচ্চতম ন্যায়ালয়ে কৈছে যে গোচৰ সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত কি পৰিমাণৰ তথ্য ৰাজহুৱা কৰিব পৰা যায় সেয়া প্ৰতিটো গোচৰৰ ক্ষেত্ৰত সুকীয়া সুকীয়াকৈ নিৰ্ধাৰণ কৰা হ’ব। এনেদৰে বহুকেইটা গুৰুত্বপূৰ্ণ মতামত এই ৰায়ত দেখিবলৈ পোৱা যায় ।
এই ৰায়ৰ পৰা এটা কথা স্পষ্ট যে উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ বিষয়টোত এক ধৰণৰ সমতা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে। অৰ্থাৎ যদিও ন্যায়পালিকা বা মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক তথ্যৰ অধিকাৰ আইনৰ আওতালৈ আনিছে তথাপিও সকলো ধৰণৰ তথ্য ৰাজহুৱা কৰাৰ ক্ষেত্ৰত কিছু বাধা-নিষেধ আৰোপ কৰিছে। উদাহৰণস্বৰূপে যেতিয়া কলেজিয়ামে ন্যায়াধীশৰ নাম নিযুক্তিৰ বাবে মনোনীত কৰে তেতিয়া সেই সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত কেৱল মনোনীত নাম সমূহহে তথ্যৰ অধিকাৰৰ অধীনত যোগান ধৰা হ’ব, কিন্তু কি কাৰণত কাৰ নাম বাচনি কৰা হ’ল সেই সম্পৰ্কীয় তথ্য যোগান ধৰা নহ’ব ।
ন্যায়ালয়ৰ এই ৰায়ে কিছুমান ক্ষেত্ৰত যথেষ্ট তাৎপৰ্য বহন কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে সদায় দেশৰ আন আন প্ৰতিস্থানসমূহ স্বচ্ছতাৰে চলি থকাৰ ক্ষেত্ৰত জোৰ দি আহিছে। তেনেস্থলত এই ন্যায়পালিকাৰ শীৰ্ষ প্ৰতিস্থান আৰু ইয়াৰ ৰক্ষকৰ কাৰ্যালয়েই যদি স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰিব নোৱাৰে তেন্তে সি সাধাৰণ ৰাইজৰ মাজলৈ এক সুকীয়া বাৰ্তা বহন কৰি লৈ যাব।
আকৌ তথ্যৰ অধিকাৰ আইনেই ব্যৱস্থা কৰিছে যে কিছুমান বিশেষ তথ্য ৰাজহুৱা কৰিব পৰা নাযাব। তাৰ বাহিৰৰ সকলো তথ্য সাধাৰণ ৰাইজে লাভ কৰাৰ অধিকাৰ আছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াটো হ’ল মূল কথা। এটা সময়ত এই উচ্চতম ন্যায়ালয়েই ৰাষ্ট্ৰীয় ন্যায়িক দায়বদ্ধতা আয়োগ আইন( National Judicial Accountability Commission Act) অবৈধ ঘোষণা কৰিছিল, ন্যায়পালিকাৰ ওপৰত কাৰ্যপালিকাৰ হস্তক্ষেপৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি।
অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে সৰ্বোচ্চ ন্যায়ালয় ৰাইজৰ নিৰীক্ষণৰো বাহিৰত। এই সমগ্ৰ বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়া এক ৰায়যোগে উচ্চতম ন্যায়ালয়ে তথ্যৰ অধিকাৰ আইনৰ অধীনত নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু ন্যায়পালিকাৰ সৰ্বোচ্চ সংস্থাটোকো তথ্যৰ অধিকাৰৰ আওতালৈ আনি নিজৰ ৰায়দান কৰিছে। যি স্বচ্ছতা আৰু নিকা প্ৰশাসনৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কাৰণ গণতন্ত্ৰৰ যি তিনিটা প্ৰধান অংগ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা, এই তিনিওটাৰে কাৰ্যপ্ৰণালী স্বচ্ছ হ’লেহে সামগ্ৰিকভাবে গণতান্ত্ৰিক ব্যৱস্থাটো স্বচ্ছ হ’ব ।
লেখকৰ ফোন- ৯৮৬৪৬৯৮১৯৫