সমাজবাদী পাৰ্টীৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী আজম খানক বৃহস্পতিবাৰে ৰামপুৰ আদালতৰ সাংসদ-বিধায়ক আদালতে ঘৃণামূলক ভাষণ প্ৰদান কৰা গোচৰত দোষী সাব্যস্ত কৰে। অখিলেশ যাদৱ নেতৃত্বাধীন দলটোৰ এজন জ্যেষ্ঠ নেতা খান উত্তৰ প্ৰদেশৰ ৰামপুৰৰ সাংসদ ৷
প্ৰাপ্ত তথ্য অনুসৰি ২০১৯ চনৰ এপ্ৰিল মাহত ৰামপুৰত খানৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰামপুৰৰ তদানীন্তন জিলা দণ্ডাধীশ আউনজনেয়া কুমাৰ সিঙৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল।খানৰ বিৰুদ্ধে দাখিল কৰা একাধিক গোচৰত তেওঁ বিগত কেইবামাহ ধৰি কাৰাগাৰত আছিল। তেওঁৰ বিৰুদ্ধ ৰুজু হৈ থকা গোচৰৰ সংখ্যা ৯০ টাৰো অধিক ৷ ঘৃণামূলক ভাষণৰ উপৰি দুর্নীতি- অনিয়মৰ কেইবাটাও গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে ৷