২০০০ চনৰ ডিচেম্বৰ মাহত দিল্লীৰ লালকিল্লাত সেনাবাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা লস্কৰ-ই-তৈবাৰ উগ্ৰপন্থী মহম্মদ আছফাক আৰিফৰ মৃত্যুদণ্ডৰ শাস্তি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বাহাল ৰাখে ৷
ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু বেলা এম ত্ৰিবেদীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আৰিফে দাখিল কৰা পুনৰীক্ষণ আবেদন খাৰিজ কৰি দোষী সাব্যস্ত আৰু শাস্তিৰ আদেশত কোনো ধৰণৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰে।
এই আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ বাবে দোষী সাব্যস্ত হোৱা পাকিস্তানী নাগৰিক আৰিফক ২০০৫ চনত দিল্লীৰ এখন আদালতে মৃত্যুদণ্ড দিছিল।ইয়াৰ পূর্বে ২০০৭ চনত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ মৃত্যুদণ্ড বাহাল ৰাখিছিল ৷ পিছলৈ ২০১১ চনত শীৰ্ষ আদালতেও আৰিফৰ আৱেদন বাহাল ৰাখে ৷ শৈতীয়াকৈ পুনৰ উগ্ৰবাদীজন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷
২০০০ চনৰ ডিচেম্বৰ মাহত সংঘটিত হোৱা এক ভয়াৱহ আক্ৰমণত লালকিল্লাত তিনিজন লোক নিহত হয়।এই কাণ্ডৰ চাৰিদিন পিছত পত্নী ৰেহমানা ইউছুফ ফাৰুকীসহ আৰিফক গ্ৰেপ্তাৰ কৰা হয়। নিম্ন আদালতে ২০০৫ চনৰ অক্টোবৰ মাহত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ অভিযোগত আৰিফ আৰু আন ছয়জনক দোষী সাব্যস্ত কৰিছিল। তেওঁক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ বিপৰীতে বাকীসকলে কাৰাদণ্ড বিহে ৷ ২০০৭ চনৰ ছেপ্টেম্বৰ মাহত উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি বাহাল ৰাখে যদিও প্ৰমাণৰ অভাৱত আন সকলো সহ অভিযুক্তক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল।