পূর্ব নির্ধাৰিত সূচী অনুসৰিয়েই দেশত অনুষ্ঠিত হ’ব চলিত বর্ষৰ গ্ৰেজুৱেট এপিটিউড টেষ্ট ইন ইঞ্জিনীয়েৰিঙ পৰীক্ষা (গেট)৷ এই পৰীক্ষা পিছুৱাই দিয়াৰ অর্জিৰে দাখিল কৰা আৱেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ অর্থাৎ পূর্ব নির্ধাৰিত অনুসৰি অহা ৫,৬,১২ আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গেট পৰীক্ষা ৷ ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়,সর্য কান্ত আৰু বিক্ৰম নাথৰ বিচাৰপীঠে এই সন্দর্ভত দাখিল কৰা আৱেদন খাৰিজ কৰি কয় যে পৰীক্ষাৰ ৪৮ ঘণ্টাৰ পূর্বে এই আবেদন গ্ৰহণ কৰিলে পৰীক্ষার্থীসকলৰ মাজত অনিশ্চিয়তা আৰু খেলিমেলিৰ সৃষ্টি কৰিব ৷ ৯ লাখতকৈয়ো অধিক পৰীক্ষার্থী অৱতীর্ণ হ’ব এই পৰীক্ষাত ৷ আবেদনখনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে কয় “আমি এই পৰীক্ষা পিছুৱাই দিব নোৱাৰো ৷ এয়া এক শৈক্ষিক সিদ্ধান্ত আৰু সংশ্লিষ্ট কতৃপক্ষই এই সিদ্ধান্ত ল’ব ৷ এই ক্ষেত্ৰখনত আদালতৰ প্ৰৱেশ বিপদজনক হ’ব পাৰে ৷ আমি শিক্ষার্থীৰ কেৰিয়াৰৰ সৈতে খেলা কৰিব নোৱাৰো ৷ ৯ লাখ শিক্ষার্থী এই পৰীক্ষাত অৱতীর্ণ হৈছে ৷ ইয়াৰে কিছুসংখ্যক আদালতৰ কাষ চাপিছে ৷ আন একাংশই হয়তো পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ পৰীক্ষাৰ দুদিন পূর্বে উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰিলে পৰীক্ষার্থীসকলৰ মাজত খেলিমেলিৰ সৃষ্টি হ’ব ৷ “