কাশ্মীৰী পণ্ডিতসকলৰ হত্যাকাণ্ড আৰু বলপূৰ্বকভাৱে কাশ্মীৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰা সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠনৰ অর্জিৰে দাখিল কৰা আন এখন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে ।
১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা টিকলাল তাপলুৰ পুত্ৰ আশুতোষ তাপলুৱে দাখিল কৰা আবেদনখন আজি ন্যায়াধীশ বি আৰ গাৱৈ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
আদালতে কয় যে চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁলোকে অনুৰূপ আবেদন গ্ৰহণ কৰা নাছিল। আদালতে তেওঁৰ আবেদন গ্ৰহণ কৰিবলৈ ইচ্ছুক নোহোৱাৰ বাবে আবেদনকাৰীয়ে আবেদনখন প্ৰত্যাহাৰ কৰে।
২ ছেপ্টেম্বৰত বিচাৰপীঠখনে “জম্মু আৰু কাশ্মীৰত হিন্দু আৰু শিখসকলৰ ওপৰত আক্ৰমণ কৰা অপৰাধীসকলক চিনাক্ত কৰিবলৈ এছআইটি গঠনৰ নিৰ্দেশনা বিচাৰি দাখিল কৰা এখন আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ইয়াৰ পিছতে আদালতে আবেদনকাৰী এনজিঅ’ উই দ্য চিটিজেনছক কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিবলৈ কয়।
২০১৭ চনৰ জুলাই মাহত ভাৰতৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ জে এছ খেহাৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ বিচাৰপীঠে কাশ্মীৰী পণ্ডিতসকলক প্ৰতিনিধিত্ব কৰা সংস্থা ৰুটছ ইন কাশ্মীৰে দাখিল কৰা একেধৰণৰ জনস্বাৰ্থৰ আবেদন খাৰিজ কৰিছিল। বিচাৰপীঠে কয় যে “আৱেদনখনত উল্লেখ কৰা ঘটনাসমূহ ১৯৮৯-৯০ চনৰ সৈতে জড়িত আৰু ২৭ বছৰতকৈ অধিক সময় পাৰ হৈ গৈছে।