অৱশেষত শ্ৰদ্ধা ৱাকাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত চার্জ ফ্ৰেম কৰা হৈছে । মঙলবাৰে দিল্লীৰ আদালতত এই চার্জফ্ৰেম কৰে ৷ মুল অভিযুক্ত আফতাব পুনাৱালাৰ বিৰুদ্ধে চার্জ ফ্ৰেম কৰা হৈছে ৷
যোৱা বছৰ দিল্লীত সংঘটিত এই হত্যাকাণ্ডৰ বৰ্বৰতা দেখি সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। আৰক্ষীয়ে জনোৱা মতে, শ্ৰদ্ধাক হত্যা কৰিছিল প্ৰেমিক আফতাবে ৷তেওঁৰ মৃতদেহ ৩৫ টুকুৰা কৰি কাটি পেলাইছিল। পিছত আফতাবে মৃতদেহটো ঘৰৰ ফ্ৰীজত ৰাখি লাহে লাহে মৃতদেহৰ টুকুৰা বোৰ হাবিত পেলাই দিছিল ৷যদিও আৰক্ষীয়ে আফতাবৰ বিৰুদ্ধে এই অভিযোগৰ সমৰ্থনত শ্ৰদ্ধাক হত্যা কৰাৰ কোনো প্ৰমাণ বিচাৰি নাপালে। শ্ৰদ্ধাৰ শৰীৰৰ অংগ বিচাৰি পোৱা নগ’ল।
মঙলবাৰে আফতাবক দিল্লীৰ সাকেট আদালতত অতিৰিক্ত সত্ৰ ন্যায়াধীশ মনীষা খুৰানা কক্কৰৰ আগত হাজিৰ কৰোৱা হয়। ন্যায়াধীশে আফতাবক কয়, “আপুনি ২০২২ চনৰ ১৮ মে’ত পুৱা ৬:৩০ বজাৰ পিছত শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল।এই অপৰাধ ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত শাস্তিযোগ্য।” তাৰ পিছত ন্যায়াধীশে আফতাবক কয়, ”যোৱা ১৮ মে’ৰ পৰা ১৮ অক্টোবৰলৈকে আপুনি জানি-বুজি শ্ৰদ্ধাৰ মৃতদেহটো টুকুৰা-টুকুৰ কৰি পেলাই থৈছিল আৰু চটাৰপুৰকে ধৰি আন ঠাইত পেলাই দিছিল ৷ যিটো আচলতে প্ৰমাণৰ অভাৱ।“
ইয়াৰ পিছত আদালতে আফতাবক সোধে -, “আপুনি এই অপৰাধ স্বীকাৰ কৰিছেনে? ” উত্তৰত আফতাবৰ অধিবক্তাই কয় যে তেওঁলোকে শুনানি বিচাৰে। আদালতে জনোৱা মতে, এই গোচৰৰ পৰৱৰ্তী শুনানি ১ জুনৰ পৰা আৰম্ভ হ’ব। প্ৰসংগক্ৰমে শ্ৰদ্ধাৰ পিতৃয়ে অভিযোগ কৰিছিল যে শৰীৰৰ অংগ উপলব্ধ নোহোৱাৰ বাবে শ্ৰদ্ধাৰ শেষ ৰীতি-নীতি সম্পন্ন কৰিব পৰা নগ’ল। যোৱা এপ্ৰিল মাহৰ শেষৰ ফালে এই গোচৰটো ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে আদালতলৈ প্ৰেৰণ কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰিছে ৷