জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে ৷ চৰকাৰৰ সিদ্ধান্তক আজি বৈধতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায় কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল ৷ যাৰ জৰিয়তে জম্মু কাশ্মীৰৰ সার্বভৌমত্ব পুনৰ ওভতাই দিবলৈ ন্যায়ালয়ৰ ওচৰত প্ৰার্থনা জনোৱা হৈছিল ৷
এই গোচৰটোৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয়, যুদ্ধৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে সেই সময়ত অনুচ্ছেদ ৩৭০ৰ ব্যৱস্থা কৰা হৈছিল। এয়া এক অস্থায়ী ব্যৱস্থা আছিল। কেন্দ্ৰীয় চৰকাৰে সঠিক প্ৰক্ৰিয়াৰে ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উচ্চতম ন্যায়ালয়ে আজি কয় যে জম্মু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। ন্যায়ালয়ে নিৰ্বাচন আয়োগক জম্মু কাশ্মীৰত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, নিৰ্বাচন বেছি দিন স্থগিত ৰাখিব নোৱাৰি। সেয়ে ন্যায়ালয়ে ২০২৪ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে উচ্চতম ন্যায়ালয়ে কয় যে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ থাকিব।
উল্লেখ্য যে ২০১৯ চনত নৰেন্দ্ৰ মোডী চৰকাৰে ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ বাতিল কৰিছিল। আজি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৩৭০ অনুচ্ছেদ বাতিল কৰাটো অসাংবিধানিক নহয়। ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত বৈধ। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যিহেতু সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰক প্ৰদান কৰা বিশেষ মৰ্যাদা অস্থায়ী, সেয়েহে ইয়াক বাতিল কৰাৰ ৰাষ্ট্ৰপতিৰ অধিকাৰ সম্পূৰ্ণৰূপে বৈধ।