আধুনিক চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে মন্তব্য কৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ ভৎসর্নাৰ সন্মুখীন হ’ল যোগগুৰু বাবা ৰামদেৱ ৷ মঙলবাৰে যোগ গুৰু বাবা ৰামদেৱে এলোপেথীৰ দৰে “আধুনিক চিকিৎসা ব্যৱস্থা”ৰ বিৰুদ্ধে দিয়া বক্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ে সমালোচনা কৰে।
এটা গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ এন ভি ৰমনাই প্ৰশ্ন কৰি কয় -“বাবা ৰামদেৱে এলোপেথী চিকিৎসকসকলৰ বিৰুদ্ধে কিয় অভিযোগ কৰিছে? তেওঁ যোগক জনপ্ৰিয় কৰি তুলিছিল। এয়া ভাল কথা । কিন্তু তেওঁ আন ব্যৱস্থাক সমালোচনা কৰা উচিত নহয়। তেওঁ যি অনুসৰণ কৰে, সেইটোৱে সকলো নিৰাময় কৰিব তাৰ নিশ্চয়তা কি?”
বাবা ৰামদেৱৰ কোম্পানীসমূহে এলোপেথীৰ বিৰুদ্ধে সন্মানহানিকৰ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰি ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে কয় উচ্চতম ন্যায়ালয়ে। যোৱা বছৰ আই এম এয়ে কৈছিল যে মানুহক বিপথে পৰিচালিত কৰাৰ লগতে বৈজ্ঞানিক চিকিৎসা বিজ্ঞানক বদনাম কৰাৰ বাবে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে মহামাৰী ৰোগ আইনৰ অধীনত ৰামদেৱৰ বিৰুদ্ধে গোচৰ চলাব লাগে।
বহুলভাৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰামদেৱে কৈছিল যে চিকিৎসা বা অক্সিজেন নাপাই মৃত্যু হোৱা লোকতকৈ এলোপেথিক ঔষধৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বহু বেছি।” কৰ’না ভাইৰাছৰ ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছতো ভাৰতত ১০ হাজাৰৰো অধিক চিকিৎসকৰ মৃত্যু হোৱা বুলিও তেওঁ দাবী কৰিছিল৷