দিল্লীৰ আবকাৰী কেলেংকাৰি গোচৰত জামিন লাভ নকৰিলে আপৰ নেতা তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই। সোমবাৰে উচ্চতম ন্যায়ালয়ে জামিন নাকচ কৰি কয় যে এই গোচৰত প্ৰায় ৩৩৮ কোটি টকাৰ বিত্তীয় লেনদেনৰ বিষয়টো প্ৰায় প্ৰতিষ্ঠিত। কিন্তু একে সময়তে উচ্চতম ন্যায়ালয়ে কয় যে যদিহে তদন্তকাৰী সংস্থাটোৱে ছয়ৰ পৰা আঠ মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে ছিছ’দিয়াই পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰে।
যোৱা ফেব্ৰুৱাৰী মাহত দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’দিয়াক। তেতিয়াৰ পৰাই তেওঁ জেলত আছে। ইয়াৰ পূৰ্বে এই গোচৰত ইডিয়ে ৫২ কোটি ছিছ’দিয়া আৰু অন্যান্যৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। শেহতীয়াকৈ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী গৰাকীয়ে জামিনৰ বাবে দুখনকৈ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ১৭ অক্টোবৰত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছ এন ভি ভট্টীৰ বিচাৰপীঠে ৰায়দান স্থগিত ৰাখিছিল।
পৰৱৰ্তী সময়ত আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই-এ এই গোচৰত তদন্ত আৰম্ভ কৰিছে ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে ইডিক জনাইছিল যে তদন্তত সকলো প্ৰশ্নৰ উত্তৰ দিয়া হোৱা নাই। ইয়াৰ পূৰ্বে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত আপে দাবী কৰিছিল যে দিল্লী প্ৰশাসনক “দমন” কৰিবলৈ চিছ’দিয়াক হাৰাশাস্তি কৰা হৈছে।
২০২১-২২ চনৰ আবকাৰী নীতিত দিল্লী চৰকাৰে দুই এজন সুৰা ব্যৱসায়ীক অগ্ৰাধিকাৰ সুবিধা প্ৰদান কৰা বুলি দাবী কৰে চিবিআইয়ে। তাৰ পৰিৱৰ্তে বিপুল পৰিমাণৰ ধনৰ আদান-প্ৰদান হোৱাৰ অভিযোগ উত্থাপিত হয় ৷ অৱশ্যে আপে আৰম্ভণিৰে পৰা সকলো অভিযোগ অস্বীকাৰ কৰিছিল। বিতৰ্কিত আবকাৰী নীতি অৱশ্যে প্ৰায় লগে লগে বাতিল কৰা হয়। কিন্তু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই চিবিআইৰ তদন্তৰ নিৰ্দেশ দিলে।
তেতিয়াৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত তেওঁ পদত্যাগ কৰে। এই গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কেন্দ্ৰীয় সংস্থাটোৱেও জেৰা কৰিছে। ছিছ’দিয়াৰ উপৰি ইউ পিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।