গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰক নির্দেশ দিয়াৰ প্ৰার্থনাৰে উচ্চতম ন্যায়ালয়ত এইবাৰ দাখিল হ’ল আৱেদন ৷ অৱশ্যে উচ্চতম ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ অভয় এছ ওকাৰ বিচাৰপীঠে কি মৌলিক অধিকাৰৰ ওপৰত প্ৰভাৱ পৰিছে বুলি আবেদনকাৰীক প্ৰশ্ন কৰে ৷ বিচাৰপীঠখনে কয় – “এয়া আদালতৰ কাম নেকি? আমি য’ত জৰিমনা আৰোপ কৰিবলৈ বাধ্য হোৱা এনে আবেদন কিয় দাখিল কৰে? কোনটো মৌলিক অধিকাৰ উলংঘা কৰা হৈছে ? আপুনি আদালতলৈ অহাৰ বাবে আমি আইন দলিয়াই পেলাই দিব লাগে নেকি ? “
আবেদনকাৰীৰ অধিবক্তাই আদালতৰ সন্মুখত যুক্তি প্ৰদর্শন কৰে যে গৰুৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ।বিচাৰপীঠে অধিবক্তাজনক জৰিমনা বিহিব বুলি সকীয়াই দিয়াৰ পাছত তেওঁ আবেদনখন প্ৰত্যাহাৰ কৰে ৷ বেচৰকাৰী সংস্থা (এন জি অ’) গোবংশ সেৱা সদন আদিয়ে দাখিল কৰিছিল ৰাজহুৱা স্বার্থজড়িত আৱেদন দাখিল কৰিছিল ৷ যাৰ জৰিয়তে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰলৈ নিৰ্দেশ দিবলৈ তেওঁলোকে প্ৰার্থনা জনাই ৷