উচ্চতম ন্যায়ালয়ে আজি যোৱা বছৰ সর্ব ভাৰতীয় ফুটবল ফেডাৰেচন (এই আই এফ এফ) পৰিচালনা কৰিবলৈ নিযুক্তি দিয়া প্ৰশাসক সমিতি ভংগ কৰে ৷ লগতে ভাৰতীয় ফুটবল সংস্থাটোৰ দৈনন্দিন পৰিচালনাৰ দায়িত্ব ভাৰপ্ৰাপ্ত মহাসচিবৰ নেতৃত্বাধীন এআইএফএফ প্ৰশাসনক ল’বলৈ নির্দেশ দিয়ে ৷ ফিফাই সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে এই সন্দর্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে ৷ ন্যায়ালয়ে এসপ্তাহৰ সময়সীমা বৃদ্ধিৰ অনুমতি প্ৰদান কৰি নিৰ্বাচনী প্ৰক্ৰিয়াও সংশোধন কৰে। মনোনয়ন প্ৰক্ৰিয়াত প্ৰস্তাৱিত পৰিৱৰ্তনৰ বাবে কেন্দ্ৰই ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এআইএফএফৰ নিৰ্বাচন এসপ্তাহ পিছুৱাই দিয়াৰ প্ৰস্তাৱ দিছিল।
এআইএফএফৰ নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাত সদস্য ৰাজ্যসমূহ (৩৫+১ সহযোগী) থাকিব বুলি ন্যায়ালয়ে প্ৰকাশ কৰে ৷ অৱশ্যে একেজন ৰিটাৰ্নিং বিষয়াই দায়িত্বত থাকিব বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে ৷ ৩ আগষ্টত উচ্চতম ন্যায়ালয়ে ২৮ আগষ্টত প্ৰশাসক সমিতিৰ তত্বাৱধানত এআইএফএফৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দি ৩৬ জন বিশিষ্ট খেলুৱৈক ভোটাধিকাৰ প্ৰদান কৰে। কিন্তু ব্যক্তিগত সদস্যই নিৰ্বাচনী ভোটাধিকাৰ লাভ কৰাৰ পক্ষত নথকা ফিফাই ১৫ আগষ্টত এআইএফএফক নিলম্বন কৰিছিল ৷
এআইএফএফে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ দিছিল যে ভোটাৰ তালিকাত কেৱল এআইএফএফৰ ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সদস্য সংস্থাসমূহৰ প্ৰতিনিধি থাকিব লাগে আৰু খেলুৱৈক অন্তৰ্ভুক্ত কৰিব নালাগে।
বিশ্বৰ শীৰ্ষ ফুটবল সংস্থা ফিফাই তেওঁলোকৰ বিধিসমূহৰ স্পষ্ট উলংঘাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এআইএফএফক নিলম্বন কৰাৰ এসপ্তাহৰ পাছতে এই নিৰ্দেশ দিয়া হৈছে। ফিফাই নিলম্বনৰ আদেশত “তৃতীয় পক্ষৰ পৰা অযথা প্ৰভাৱ”ৰ উল্লেখ কৰিছিল। ইয়াৰ উপৰিও কোৱা হৈছে যে চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ১৭ অনূৰ্ধ্ব মহিলা বিশ্বকাপ “বৰ্তমান পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত কৰিব নোৱাৰিব”।
কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে এআইএফএফ নিলম্বন সমগ্ৰ দেশ আৰু সকলো ফুটবল খেলুৱৈৰ বাবে বিপৰ্যয়জনক। ফিফাই নিলম্বনৰ পিছত ক্ৰীড়া মন্ত্ৰালয়ৰ অনুৰোধত আজি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিছে