উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰক তেওঁৰ ৱেব চিৰিজ “ট্ৰিপল এক্স” (এক্স) চিজন ২ত তেওঁৰ আপত্তিজনক সমলৰ বাবে দোষাৰোপ কৰি কয় যে তেওঁ দেশৰ যুৱ প্ৰজন্মৰ মন কলুষিত কৰিছে।
অ’টিটি প্লেটফৰ্ম অল্ট বালাজীত সম্প্ৰচাৰিত ৱেব চিৰিজ “ট্ৰিপল এক্স” চিজন ২ ত সৈনিকসকলক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ অনুভূতিক আঘাত কৰাৰ অভিযোগত চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰ পৰোৱানাক প্ৰত্যাহ্বান জনাইছে প্ৰযোজক-পৰিচালক একতা কাপুৰে।
দেশৰ শীৰ্ষ ন্যায়ালয়ে একতা কাপুৰে তেওঁৰ অ’টিটি প্লেটফৰ্ম অল্টবালাজীত সম্প্ৰচাৰিত এটা ৱেব শৃংখলাত সৈনিকসকলক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ অনুভূতিক আঘাত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰ পৰোয়ানা যাক প্ৰত্যাহ্বান জনাইছে প্ৰযোজক-পৰিচালক একতা কাপুৰে।
ন্যায়াধীশ অজয় ৰাস্তোগী আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠৰ মতে কাপুৰে এই দেশৰ যুৱ প্ৰজন্মৰ মন দূষিত কৰিছে।
অৱশ্যে কাপুৰৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে পাটনা উচ্চ ন্যায়ালয়ৰ সন্মুখত এখন আবেদন দাখিল কৰা হৈছে যদিও বিষয়টো শীঘ্ৰেই শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব বুলি কোনো আশা নাই।তেওঁ কয় যে শীৰ্ষ ন্যায়ালয়ে পূৰ্বতেও একে ধৰণৰ গোচৰত কাপুৰক সুৰক্ষা প্ৰদান কৰিছিল।
আনহাতে শীৰ্ষ ন্যায়ালয়ে বিষয়টো স্থগিত ৰাখিছিল আৰু পৰামৰ্শ দিছিল যে উচ্চ ন্যায়ালয়ত শুনানিৰ স্থিতিৰ বিষয়ে জানিবলৈ এজন স্থানীয় অধিবক্তা নিয়োগ কৰা হ’ব পাৰে।
২৮ ছেপ্টেম্বৰত বিহাৰৰ বেগুচৰাইৰ এখন আদালতে এজন প্ৰাক্তন সৈনিক শম্ভু কুমাৰৰ অভিযোগত চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছিল। ২০২০ চনৰ তেওঁৰ অভিযোগ অনুসৰি ৱেব শৃংখলা ‘ট্ৰিপল এক্স’ চিজন-২ত এজন সৈনিকৰ পত্নীৰ সৈতে সম্পৰ্কিত কেইবাটাও আপত্তিজনক দৃশ্য দেখুওৱা হৈছে।