ভাৰতীয় ন্যায় সংহিতাসহ তিনিখন নতুন অপৰাধমূলক আইন সোমবাৰৰ পৰা সমগ্ৰ দেশতে বলবৎ হৈছে ৷ ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি (Indian Penal Code) ৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা বলবৎ কৰা হয়। আৰু নতুন ফৌজদাৰী আইনৰ অধীনত প্ৰথম এফআইআৰ দাখিল কৰা হৈছে দিল্লীৰ এজন পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে। অভিযুক্ত ব্যৱসায়ীজনৰ নাম পংকজ কুমাৰ। তেওঁ বিহাৰৰ পাটনাৰ বাসিন্দা। নতুন দিল্লী ৰে’ল ষ্টেচনৰ সমীপত এটা পথ বন্ধ কৰি ব্যৱসায় চলোৱাৰ অভিযোগত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে নতুন ভাৰতীয় ন্যায় সংহিতাৰ ২৮৫ ধাৰাত এফআইআৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
এনডিটিভিৰ বাতৰি অনুসৰি দেওবাৰে নিশা নতুন দিল্লী ষ্টেচনৰ সমীপৰ এটা ৰাস্তাত ব্যৱসায়ীজনে পানীৰ বটল আৰু গুটখা বিক্ৰী কৰা দেখা পায়। অস্থায়ী দোকানখনে মানুহৰ যাতায়তত বাধাৰ সৃষ্টি কৰাৰ বাবেই দোকানীজনক আঁতৰাবলৈ কোৱা হয়। কিন্তু দোকানীজনে সন্মতি নিদিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ল।
ভাৰতীয় দণ্ডবিধিৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ১৮৯৮ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইন ‘ভাৰতীয় সাক্ষ্য অধিনিয়ম ’—এই তিনিখন নতুন অপৰাধ আইন সোমবাৰৰ পৰা কাৰ্যকৰী হ’ল। কিন্তু নতুন আইনখনত কি কি অপৰাধ আৰু শাস্তিৰ কথা উল্লেখ কৰা হৈছে তাক লৈ বহু লোক বিমোৰত পৰিছে। বিৰোধী দলসমূহেও নতুন তিনিখন আইনৰ বিৰুদ্ধে কেইবাটাও আপত্তি উত্থাপন কৰিছে।