VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশঃ সকলো ৰাজ্যিক কাৰাগাৰত নিশ্চিত কৰক ইণ্টাৰনেটৰ সুবিধা

voicedesk by voicedesk
September 25, 2021
in আইন, সমাজ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশঃ সকলো ৰাজ্যিক কাৰাগাৰত নিশ্চিত কৰক ইণ্টাৰনেটৰ সুবিধা
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবক প্ৰতিখন কাৰাগাৰতে পৰ্যাপ্ত গতিত ইণ্টাৰনেটৰ উপলব্ধতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। যোগাযোগত পলম হোৱাৰ বাবে জামিন মঞ্জুৰ কৰাৰ পিছতো বন্দীসকলক মুক্ত কৰিব নোৱাৰাৰ অভিযোগত এই নিৰ্দেশনা জাৰি কৰা হৈছে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ অধ্যক্ষতাত গঢ় লৈ উঠা এখন বিচাৰপীঠে কয় যে যোগাযোগত পলম হোৱাৰ বাবে আদালতে জামিনৰ আদেশ প্ৰদান কৰাৰ পিছতো মুকলি নোহোৱা কাৰাগাৰৰ বন্দীসকলৰ দুৰ্দশাৰ বিষয়ে তেওঁলোক চিন্তিত। আদালতৰ আদেশসমূহ ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰাৰ বাবে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে বুলিও বিচাৰপীঠে উল্লেখ কৰে।

চুও মটুৰ বিষয় এটা গ্ৰহণ কৰি আদালতে উল্লেখ কৰে যে কাৰাগাৰত ইণ্টাৰনেটৰ সুবিধা উপলব্ধ নোহোৱা সন্দৰ্ভত ১৯ খন ৰাজ্যই এক প্ৰতিবেদন দাখিল কৰিছে। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, অসম আৰু মিজোৰাম ৰাজ্যসমূহে ইণ্টাৰনেট সংযোগ উপলব্ধ নোহোৱা বা আংশিকভাৱে উপলব্ধ হোৱাৰ বিষয়ে অৱগত কৰে।

আদালতে ৰাজ্যসমূহক ইণ্টাৰনেট উপলব্ধ নোহোৱা ঠাইবোৰত ইণ্টাৰনেটৰ সুবিধা প্ৰদানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। অৱশ্যে এই ব্যৱস্থা উপলদ্ধ নোহোৱালৈকে ফাষ্টাৰ (ইলেক্ট্ৰনিক ৰেকৰ্ডৰ দ্ৰুত আৰু সুৰক্ষিত ট্ৰেন্সমিচন) প্ৰণালীৰ অধীনত ৰাজ্য চৰকাৰৰ নোডেল বিষয়াসকলৰ জৰিয়তে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ সঞ্চালক প্ৰধান, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সচিব (গৃহ) আৰু সকলো ৰাজ্যৰ কাৰাগাৰৰ সঞ্চালক প্ৰধানক ‘ফাষ্টাৰ’ প্ৰণালীৰ মসৃণ আৰু সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু সূৰ্য কান্তক লৈ গঠিত বিচাৰপীঠে কৰ্তৃপক্ষক শীৰ্ষ আদালতৰ আদেশৰ ই-প্ৰমাণিত প্ৰতিলিপিটো ফাষ্টাৰ প্ৰণালীৰ জৰিয়তে তেওঁলোকক জনোৱা স্বীকৃত প্ৰতিলিপিটো চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

১৬ জুলাইত শীৰ্ষ আদালতে চুও মটুৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু জামিন সম্পৰ্কীয় আদেশৰ যোগাযোগৰ লেহেম গতিত বিৰক্তি প্ৰকাশ কৰে। কিয়নো ইয়াৰ ফলত নাগৰিকসকলৰ স্বাধীনতাৰ মৌলিক অধিকাৰ খৰ্ব হয়। বিচাৰপীঠে সংশ্লিষ্ট সকলোকে দ্ৰুত আৰু সুৰক্ষিত ভাৱে আদালতৰ আদেশ প্ৰেৰণত বিপ্লৱ আনিবলৈ এক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে।

আদালতৰ চেক্ৰেটেৰী জেনেৰেল সঞ্জীৱ এছ কালগাঁওকাৰে দাখিল কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে ফাষ্টাৰ প্ৰণালীয়ে কৰ্তব্যধাৰীসকলৰ মাজত সুৰক্ষিত যোগাযোগ মাধ্যম প্ৰদান কৰাৰ প্ৰস্তাৱ দিছে। ইয়াত কোৱা হৈছে যে দুই কাৰক প্ৰমাণীকৰণে ইমেইল ডমেইনত কৰ্তৃত্বপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ প্ৰৱেশাধিকাৰ অধিক নিশ্চিত কৰিব। স্বয়ংক্ৰিয় বিতৰণ অধিসূচনাই নিশ্চিত কৰিব যে ইমেইলটো প্ৰাপ্ত ব্যক্তিক সঠিকভাৱে বিতৰণ কৰা হৈছে।

লগতে কোৱা হয় যে, প্ৰমাণীকৰণ প্ৰণালী সৃষ্টি কৰাৰ বাবে ন্যায়িক ৰেকৰ্ডৰ প্ৰতিটো পৃষ্ঠাত ভিন্ন কিউ আৰ কোড সংযোজিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। যি সংযোজনে ব্যৱহাৰকাৰীক উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটলৈ লৈ যাব য’ত প্ৰক্ৰিয়া বা আদেশৰ প্ৰাসঙ্গিক ৰেকৰ্ড প্ৰমাণীকৰণৰ বাবে আপলোড কৰা হৈছে।

Previous Post

মৰ্মান্তিক ঘটনাঃ মহানগৰীত এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে পুত্ৰক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা,মৃত্যুৰে যুঁজ পত্নীৰ

Next Post

মহাভাৰতত নাৰী প্ৰেম

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
Next Post
মহাভাৰতত নাৰী প্ৰেম

মহাভাৰতত নাৰী প্ৰেম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7