সংবাদমাধ্যমত প্ৰকাশিত বা প্ৰকাশ পাবলগীয়া প্ৰতিবেদনৰ শুনানিৰ পূৰ্বে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়াৰ প্ৰৱণতাৰ বিৰুদ্ধে নিম্ন আদালতক সকীয়াই দিছে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শেহতীয়াকৈ এই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিচাৰপীঠখনে কয় যে এনে অন্তৱৰ্তীকালীন স্থগিতাদেশে লেখকৰ কণ্ঠ স্তব্ধ কৰাই নহয়, জনসাধাৰণৰ জনা অধিকাৰকো ক্ষতিগ্ৰস্ত কৰে।
ব্লুমবাৰ্গৰ প্ৰতিবেদন আঁতৰাবলৈ নিম্ন আদালতে জি এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে সেই স্থগিতাদেশ খাৰিজ কৰিলে । তেওঁলোকে কয় যে, প্ৰাথমিক গোচৰ, সুবিধাৰ ভাৰসাম্য আৰু অপূৰণীয় ক্ষতিৰ এই তিনিটা উপাদান যান্ত্ৰিকভাৱে প্ৰযোজ্য হ’ব নোৱাৰে। আন পক্ষ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰতো জনস্বাৰ্থৰ কথা মনত ৰখা উচিত। বিচাৰপীঠে কয় “সংবাদ মাধ্যম আৰু সাংবাদিকৰ বিৰুদ্ধে মানহানিৰ গোচৰত সন্মান আৰু গোপনীয়তা অধিকাৰৰ লগতে মত প্ৰকাশৰ স্বাধীনতাক উপযুক্ত ভাৰসাম্যতাৰে বিবেচনা কৰিব লাগিব। সংবাদ মাধ্যমৰ সাংবিধানিক অধিকাৰ যাতে খর্ব নহয়, সেইটো নজৰ ৰাখিব লাগিব ৷ প্ৰতিবেদনখন প্ৰত্যক্ষভাৱে মানহানিকাৰক বা সম্ভৱতঃ মিছা যেন নালাগিলে শুনানিৰ পূৰ্বে স্থগিতাদেশ দিয়া উচিত নহয়।“
একে সময়তে বিচাৰপীঠে এই সকলোবোৰ গোচৰত নিম্ন আদালতৰ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ বিৰুদ্ধে আপীল আদালত আৰু উচ্চ ন্যায়ালয়ক সক্ৰিয় হ’বলৈ কৈছে ৷আজিকালি এছএলএপিপি (Strategic Litigation Against Public Participation) দিয়াটো এক প্ৰথাত পৰিণত হৈছে ৷ সেই সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে সকীয়াই দিছে। তেওঁলোকে কয় যে, বিপুল পুঁজিৰে চলি থকা নিগমসমূহে প্ৰায়ে আইনী প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জনসাধাৰণক তেওঁলোকৰ জনবিৰোধী কাৰ্যকলাপৰ বিষয়ে অৱগত হোৱাৰ পৰা বিৰত ৰাখে ৷