অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ ১৯৫১ নে ১৯৭১ চন হ’ব লাগে ? এই সন্দর্ভত উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূর্ণ শুনানি অনুষ্ঠিত হয় ৷ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত এই গোচৰটোৰ শুনানি অনুষ্ঠিত হয় ৷ শুনানি গ্ৰহণ কৰি সাংবিধানিক বিচাৰপীঠে এই সন্দর্ভত ৰুজু হোৱা সকলো গোচৰৰ একত্ৰীকৰণৰ বাবে চাৰি সপ্তাহৰ সময় সীমা বান্ধি দিয়ে ৷ ৪ সপ্তাহৰ পিছত ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত গোচৰসমূহৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৷ আজিৰ শুনানিৰ বাবে দিল্লীত উপস্থিত হৈছিল এপিডব্লিউ- আছুকে ধৰি বিভিন্ন দল সংগঠন৷
উল্লেখ্য যে সন্মিলিত মহাসংঘই অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ ১৯৫১ হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল ৷ সমগ্ৰ দেশৰ বাবে ১৯৫১ ভিত্তিবর্ষ হোৱাৰ বিপৰীতে অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ হৈছে ১৯৭১ চন ৷ আছু আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা অসম চুক্তিৰ ভিত্তিত অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ ১৯৭১ চন কৰা হৈছিল ৷ ইয়াৰ ফলত বহু অবৈধ প্ৰৱজনকাৰীয়ে নাগৰিকত্ব লাভৰ আশংকা কৰা হৈছে ৷