সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা এজন অভিযুক্তক জামিন প্ৰদান কৰাৰ লগতে সদিচ্ছা আৰু সৌহাৰ্দ্য সৃষ্টি কৰাৰ উদ্দেশ্যে এসপ্তাহৰ বাবে খোৱাপানী আৰু চৰবত বিতৰন কৰিবলৈ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ।উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত হাপুৰ নিৱাসী নবাব সংঘৰ্ষত লিপ্ত হৈছিল ৷ আদালতে জামিন মঞ্জুৰ কৰি লগতে কয় যে আবেদনকাৰীয়ে বিচাৰৰ সময়ত প্ৰমাণ বিনষ্ট কৰাৰ চেষ্টা কৰিব নোৱাৰিব আৰু কোনো সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰিব ৷ তদুপৰি নিৰ্দিষ্ট তাৰিখত আদালতত হাজিৰ হ’ব লাগিব নবাব ৷
আবেদনকাৰীৰ অধিবক্তাই প্ৰস্তাৱ দিছিল যে মে’-জুন মাহত হাপুৰ জিলাৰ কোনো ৰাজহুৱা স্থানত পথচাৰী আৰু পিয়াহত ভোগা যাত্ৰীসকলক এসপ্তাহৰ বাবে চৰবত বিতৰন কৰিব।এই সন্দৰ্ভত পক্ষসমূহে আৰক্ষী অধীক্ষক, হাপুৰ আৰু জিলা দণ্ডাধীশ, হাপুৰলৈ আবেদন কৰিব পাৰে বুলি আদালতে নিৰ্দেশ দিয়ে। ন্যায়ালয়ে কয়- “স্থানীয় আৰক্ষী আৰু প্ৰশাসনে উপযুক্ত ব্যৱস্থা কৰিব যাতে শান্তিৰে আৰু কোনো বাধা নোহোৱাকৈ চৰবত বিতৰন কৰিব পাৰে আৰু উদ্দেশ্যপ্ৰণোদিত সদিচ্ছা আৰু বন্ধুত্বৰ সৃষ্টি হয়”।
যোৱা ১১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ আছে অভিযুক্তজন ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ মাজত সংঘটিত হোৱা বিবাদৰ পিছতে এফ আই আৰ দাখিল কৰা হয়।ভাৰতীয় দণ্ডবিধি (আই পি চি)ৰ ১৪৭, ১৪৮, ৫০৪, ৩০৭, ৩৫৪বি আৰু ৩২৪ ধাৰাত হাপুৰ জিলাৰ থানাত এফ আই আৰ দাখিল কৰা হৈছে।