‘’পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান’’ ৷নিম্ন ন্যায়ালয়ে বিবাহ বিচ্ছেদৰ বাবে অনুমতি নিদিয়া আদেশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা এগৰাকী মহিলাই দাখিল কৰা এক আৱেদনৰ ভিত্তিত কৰ্ণাটক উচ্চ ন্য়ায়ালয়ৰ ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ জে.এম. খাজীৰ নেতৃত্বত খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এই নিৰ্দেশ জাৰি কৰে ।
বিচাৰপীঠে কৈছে যে স্বামীয়ে ব্যৱসায় কৰাৰ অজুহাতত পত্নীৰ পৰা ৬০ লাখ টকা লৈছিল। তেওঁ পত্নীক খীৰতিগাই হিচাপে গণ্য কৰিছিল। তেওঁৰ প্ৰতি স্বামীৰ কোনো আৱেগিক সম্পৰ্ক নাই । স্বামীৰ এই আচৰণত, মানসিক ভাৱে ভুগিছে পত্নীয়ে ।
তেওঁলোকে লগতে কৈছে যে ,এই ক্ষেত্ৰত স্বামীয়ে পত্নীক দিয়া বেদনাক মানসিক নিৰ্যাতন বুলি গণ্য কৰিব পাৰি। পাৰিবাৰিক আদালতে এই সকলোবোৰ কাৰক বিবেচনা কৰাত ব্যৰ্থ হৈছে। তদুপৰি, আদালতে আবেদনকাৰী পত্নীৰ অভিযোগ সমূহৰ ভিত্তিত কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰা নাই আৰু তেওঁৰ বিবৃতিও লিপিবদ্ধ কৰা নাই।সেয়েহে পত্নীৰ যুক্তিৰ কথা বিবেচনা কৰি, তেওঁক বিবাহ বিচ্ছেদ দিয়া হৈছে বুলিও আদালতে কয়। বিচাৰপীঠে লগতে উল্লেখ কৰে যে পাৰিবাৰিক বিবাদৰ ক্ষেত্ৰত, নিষ্ঠুৰতাৰ অভিযোগবোৰ গোচৰটোৰ গুণাগুণৰ ওপৰত প্ৰমাণিত কৰিব লাগিব।
দম্পতীহাল ১৯৯১ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ২০০১ চনত এজনী কন্যা সন্তান জন্ম দিছিল। ব্যৱসায় চলাই থকা স্বামীয়ে ঋণ পৰিশোধ কৰিবলৈ সংগ্ৰাম কৰি আছিল। ইয়াৰ ফলত ঘৰত কাজিয়া হৈছিল। আবেদনকাৰীৰ পত্নীয়ে নিজৰ আৰু সন্তানৰ যত্ন ল’বলৈ এটা বেংকত যোগদান কৰিছিল।
২০০৮চনৰ পৰা, পত্নীয়ে তেওঁৰ স্বামীক টকা দিছিল কিন্তু তেওঁ ঋণ পৰিশোধ নকৰাকৈ ইয়াক খৰচ কৰিছিল।ধন উলিয়াবলৈ তেওঁ আৱেদনকাৰীক আৱেগিকভাৱে ব্লেকমেইল কৰি থকাৰ অভিযোগ আছে। অৱশ্যে পত্নীগৰাকীয়ে পিছত এই কথা উপলব্ধি কৰিছিল যে তেওঁৰ ধনৰ অপব্যৱহাৰ কৰা হৈছিল কাৰণ তেওঁৰ স্বামীয়ে ৬০ লাখ টকা পোৱাৰ পিছতো কোনো কাম কৰা নাছিল।
আবেদনকাৰীৰ পত্নীয়ে স্বামীক ডুবাইত চেলুন খুলিবলৈ উৎসাহ যোগাইছিল ৷ অৱশ্যে স্বামীয়ে এই ক্ষত্ৰত কোনো আগ্ৰহ প্ৰদৰ্শন কৰা নাছিল আৰু লোকচান হোৱাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহিছিল। তেতিয়াই পত্নীয়ে পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। অৱশ্যে, পাৰিবাৰিক আদালতে তেওঁৰ আৱেদন নাকচ কৰি কৈছিল যে গোচৰটোত কোনো নিষ্ঠুৰতা জড়িত হৈ থকা নাই।