৬মাৰ্চ ৰবিবাৰে উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হয় পৌৰসভা নিৰ্বাচন। নিৰ্বচনৰ দিনটোত পৌৰসভাৰ ঠাইখনৰ প্ৰতিটো ৱাৰ্ডতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে। উত্তৰ লক্ষীমপুৰৰ প্ৰায় আটাইকেইটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টী, কংগ্ৰেছ তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা দেখিবলৈ পোৱা গৈছে । আনহাতে সকলো ক’ভিদ বিধি মানি ভোটদানৰ ব্যৱস্থা কৰা হৈছে ভোটদান কেন্দ্ৰ সমূহত । উত্তৰ লক্ষীমপুৰ জিলাৰ নিৰ্বাচনী আয়োগে জানিবলৈ দিয়া মতে বিয়লি চাৰি বজা পৰ্যন্ত অনুষ্ঠিত হয় এই ভোট গ্ৰহণ প্ৰক্ৰিয়া । উত্তৰ লক্ষীমপুৰ জিলাৰ সকলো ৱাৰ্ডত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায় পৌৰ নিৰ্বাচন ৷ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এতিয়া আশাৰে বাট চাইছে নিৰ্বাচনৰ ফলাফললৈ ৷